নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ল’বেল ছাউথত ইণ্ডিয়া AI Impact ছামিটৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

গ্ল’বেল ছাউথত প্ৰথমবাৰৰ বাবে আয়োজন কৰা India AI Impact Summit-2026 সোমবাৰৰ পৰা আৰম্ভ হৈছে। আজি সন্ধিয়া এই সন্মিলনৰ আনুষ্ঠানিক উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজধানী দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত এই সন্মিলন ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ চলিব।

পাঁচদিনীয়া এই অনুষ্ঠানত কৃত্ৰিম বুদ্ধিমত্তা (AI) সুৰক্ষা, শাসন ব্যৱস্থা আৰু তথ্য সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হ’ব। অনুষ্ঠানৰ অন্তৰ্গত ‘যুৱ AI প্ৰগ্ৰাম’ আৰু ‘বিশ্বব্যাপী যুৱ প্ৰত্যাহ্বান’ৰো আয়োজন কৰা হৈছে।

এই সন্মিলনৰ মুখ্য লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰী আৰু যুৱ পেছাদাৰীসকলৰ মাজত AI সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰা। এই প্ৰত্যাহ্বানৰ বাবে প্ৰায় ৩৮খন দেশৰ পৰা ২৫০০ আবেদন লাভ কৰা হৈছে। ইলেক্ট্ৰনিকছ আৰু আইটি মন্ত্ৰালয়ে ভাৰতৰ ১৫টা দলসহ মুঠ ২০টা দল নিৰ্বাচন কৰিব। ২০২৫ চনত শীৰ্ষ চূড়ান্ত প্ৰতিযোগীসকলক ইতিমধ্যে নিৰ্বাচিত কৰা হৈছিল।

সন্মিলনত ১৫ৰ পৰা ২০খন দেশৰ ৰাষ্ট্ৰপ্ৰধান, ৫০জনতকৈ অধিক মন্ত্ৰী আৰু ৪০জনতকৈ অধিক ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় চিইঅ’ই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য অতিথিসকলৰ ভিতৰত আছে সুন্দৰ পিচাই, কিৰণ মজুমদাৰ শ্ব, ছাম অল্টমান আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন।

পাঁচদিনীয়া এই সন্মিলনত স্বাস্থ্য, শক্তি, শিক্ষা, কৃষি, সৱলীকৰণ আৰু অক্ষমতাৰ ক্ষেত্ৰত AI-ৰ ব্যৱহাৰৰ কেছবুক প্ৰকাশ কৰা হ’ব। ‘এপ্লাইড এআই’ৰ ওপৰত এখন বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। লগতে ‘AI by Her : গ্ল’বেল ইমপেক্ট চেলেঞ্জ’ সুষমা স্বৰাজ ভৱনত অনুষ্ঠিত হ’ব। ভাৰত মণ্ডপমত AI impact Expo-ৰো আয়োজন কৰা হৈছে।

ইফালে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সমৰ্থন প্ৰদৰ্শনৰ বাবে ১৩খন দেশৰ পেভিলিয়ন স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত আছে অষ্ট্ৰেলিয়া, জাপান, ৰাছিয়া, ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, ইটালী, নেদাৰলেণ্ড, তাজিকিস্তান, আফ্ৰিকা, ছুইজাৰলেণ্ড, ছাৰ্বিয়া আৰু ইষ্ট’নিয়াৰ পেভিলিয়ন।

এই সন্মিলনে ভাৰতক AI ক্ষেত্ৰত এক বিশ্বনেতৃত্বৰ ভূমিকাত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে বুলি আয়োজকসকলে প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্ক, ১৬ ফেব্ৰুৱাৰী

You might also like