নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

APSC : বিপদ ঘনীভূত বক্রপথেৰে চাকৰি লোৱা ৰাজপত্রিত বিষয়াৰ

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত অৱতীর্ণ হৈ বক্র পথ গ্রহণেৰে চাকৰি গ্রহণ কৰা একাংশ ৰাজপত্রিত বিষয়াৰ পুনৰ বিপদ ঘনীভূত হৈছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে আয়োগৰ ২০১৩–২০১৪ বর্ষৰ পৰীক্ষাত অৱতীর্ণ হোৱা এইসকল ৰাজপত্রিত চাকৰিয়ালৰ ওপৰত পুনৰ বিভাগীয় তদন্ত চলাবলৈ নির্দেশ দিয়াৰ পিছতে বিপদ সন্নিকট হয়৷

উচ্চ ন্যায়ালয়ৰ নির্দেশত এইসকল ৰাজপত্রিত বিষয়াৰ বিৰুদ্ধে তৎপৰ হৈ পৰা গৃহ আৰু কর্মচাৰী বিভাগে তেওঁলোকৰ সকলো তথ্য বিচাৰি ইতিমধ্যে বিশেষ আদালতৰ কাষ চাপিছে আৰু তথ্য বিচাৰি আবেদন জনাইছে৷

এতিয়া অভিযুক্ত ২০১৩–১৪ বর্ষৰ বিষয়াসকলৰ সকলো তথ্য যেন মার্কশ্বীট, টেবুলেচন শ্বীট, উত্তৰবহী আদি গৃহ বিভাগক প্রদান কৰিব বিশেষ আদালতে আৰু ইয়াৰ আধাৰতে বিভাগীয়ভাৱে তদন্ত হ’ব অভিযুক্ত বিষয়াসকলৰ৷ উল্লেখ্য যে কিছুদিন পূর্বে লোকসেৱা আয়োগৰ তদন্তৰ বাবে গঠন কৰা অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা আয়োগৰ প্রতিবেদনক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল একাংশ বিষয়াই৷

উল্লেখ্য যে এই প্রতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই কেইবাগৰাকী বিষয়াক নিলম্বন কৰি চৰকাৰে বিভাগীয় তদন্ত কৰিছিল৷ সেই প্রক্রিয়া অবৈধ বুলি দাবী কৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল অভিযুক্ত পক্ষই৷ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সমগ্র বিষয়টো চালিজাৰি চাই ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ প্রতিবেদনৰ আধাৰত নহয়, অভিযুক্তসকলৰ বিৰুদ্ধে বিভাগীয় ভিত্তিতহে তদন্ত কৰিবলৈ নির্দেশ দিয়ে আৰু ইয়াৰ আধাৰতে গৃহ বিভাগে অভিযুক্ত বিষয়াসকলৰ সকলো তথ্য বিচাৰি বিশেষ আদালতত আবেদন জনাইছে৷

ডিজিটেল ডেস্ক, ৯ মে’

You might also like