নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত ক্ষমতাৰ পৰিৱর্তন, কলকাতা আৰক্ষীৰ X হেণ্ডেলত ডাঙৰ পৰিৱর্তন

পশ্চিমবংগৰ ৰাজনীতিত সংঘটিত বৃহৎ পৰিৱর্তনৰ প্ৰভাৱ এতিয়া প্ৰশাসনিক আৰু ডিজিটেল ক্ষেত্ৰতো স্পষ্টভাৱে দেখা গৈছে। বিজেপিৰ ঐতিহাসিক জয়ৰ পিছত ৰাজ্যখনত ক্ষমতা পৰিৱর্তন প্ৰায় নিশ্চিত হল। এই পৰিস্থিতিৰ মাজতে কলকাতা আৰক্ষীৰ চৰকাৰী X (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত হোৱা এক ডাঙৰ পৰিৱর্তনে ৰাজনৈতিক মহলত নতুন বিতৰ্কৰ সূচনা কৰিছে।

মিডিয়া প্ৰতিবেদন অনুসৰি, ভোট গণনাৰ পিছতে ৰাজ্যখনত বিজেপি চৰকাৰ গঠনৰ ছবি স্পষ্ট হোৱাৰ লগে লগে কলকাতা আৰক্ষীয়ে নিজৰ ‘Following’ তালিকাত ডাঙৰ সালসলনি কৰে। আৰক্ষীৰ চৰকাৰী X হেণ্ডেলৰ পৰা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীক আনফ’ল’ কৰা হয়। তেওঁলোকৰ ঠাইত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ চৰকাৰী X হেণ্ডেল ফ’ল’ কৰা হৈছে।

এতিয়ালৈকে মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জী ৰাজ্যিক প্ৰশাসনৰ ডিজিটেল যোগাযোগ ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত হৈ আহিছিল। কিন্তু বিজেপিৰ জয়ৰ পিছতে তেওঁলোকক হঠাৎ Following তালিকাৰ পৰা আঁতৰাই দিয়াত বহু প্ৰশ্ন উত্থাপিত হৈছে। বিৰোধী শিবিৰে ইয়াক প্ৰশাসনৰ “নতুন আনুগত্য”ৰ সৈতে জড়িত বুলি ব্যাখ্যা কৰিছে।

কলকাতা আৰক্ষীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ফ’ল’ কৰাটো ৰাজনৈতিকভাৱে অত্যন্ত তাৎপৰ্যপূর্ণ বুলি গণ্য কৰা হৈছে। বহুতে ইয়াক কেন্দ্ৰ চৰকাৰ আৰু সম্ভাৱ্য নতুন ৰাজ্য চৰকাৰৰ সৈতে সমন্বয় স্থাপনৰ চেষ্টা হিচাপে চিহ্নিত কৰিছে।

কেৱল সামাজিক মাধ্যমতেই নহয়, বাস্তৱ ক্ষেত্ৰতো বহু পৰিৱর্তন লক্ষ্য কৰা গৈছে। প্ৰতিবেদন অনুসৰি, মমতাৰ কালিঘাটস্থিত বাসগৃহ আৰু অভিষেকৰ কাৰ্যালয়ৰ বাহিৰত মোতায়েন কৰা অতিৰিক্ত আৰক্ষী বাহিনী কমাই দিয়া হৈছে। লগতে ভবানীপুৰ অঞ্চলৰ পৰা বেৰিকেডসমূহো আঁতৰোৱা আৰম্ভ হৈছে।

যদিও পশ্চিমবংগ আৰক্ষীৰ মুখ্য কাৰ্যালয়ে এইসমূহক “সাধাৰণ প্ৰশাসনিক প্ৰক্ৰিয়া” বুলি ব্যাখ্যা কৰিছে, তথাপিও একেৰাহে হোৱা এই পৰিৱর্তনসমূহে ৰাজ্যখনৰ সলনি হোৱা ৰাজনৈতিক পৰিস্থিতিক অধিক স্পষ্ট কৰি তুলিছে।

ডিজিটেল ডেস্ক, ৯ মে’

You might also like