নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলত হানী ট্রেপিঙক লৈ শংকিত ব’ৰ্ড

ডিজিটেল ডেস্ক, ৯ মে’ : আইপিএলত হানী ট্রেপিং ! বিশ্বৰ সর্বাধিক ব্যয়বহুল ক্রিকেট লীগ আইপিএলত শেহতীয়াকৈ কিছু বিষয়ক লৈ বিতর্কৰ সৃষ্টি হৈছে৷ বাহিৰৰ মানুহলৈ ক্রিকেটাৰৰ প্রেয়সীয়ে দলীয় তথ্য প্রেৰণৰ খবৰ পোৱাৰ পিছতে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে অতি কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ আইপিএলত ১০টা ফ্রেনছাইজীৰ বাবে আঠ পৃষ্ঠাৰ গাইডলাইন জাৰি কৰিছে ব’র্ডে৷

মন কৰিবলগীয়া যে চলিত আইপিএলত কেইবাটাও দল আৰু ক্রিকেটাৰে নিষেধাজ্ঞা উলংঘা কৰিছে৷ সেইবাবেই প্রতিযোগিতাখনৰ মাজতে ব’র্ডে আঠ পৃষ্ঠাৰ গাইডলাইন জাৰি কৰে৷ নিষেধাজ্ঞাৰ মাজতো অনুমতি অবিহনে দলীয় হোটেললৈ আহি আছে প্রেয়সী আৰু বান্ধৱী৷ আইপিএলত খেলুৱৈসকলে হানী ট্রেপিঙত পৰিব পাৰে বুলি চিন্তিত হৈ পৰিছে বিচিচিআই৷ আইপিএলৰ সন্মান, সুনাম আৰু নিৰাপত্তাৰ বাবে দায়বদ্ধ বিচিচিআই৷

বিশ্বৰ প্রায় সকলো দেশৰে ক্রিকেটাৰে আইপিএলত খেলে৷ তদুপৰি প্রশিক্ষক, সহায়ক–কর্মচাৰী, পৰিচালনা বা ফ্রেনছাইজীৰ মালিক আছে৷ শেহতীয়াকৈ ব’ৰ্ডৰ দৃষ্টিগোচৰ হৈছে যে কিছুমান বিষয়ত যথেষ্ট শিথিলতা দেখা গৈছে৷ যিয়ে আইপিএলৰ পেছাদাৰিত্ব আৰু আন্তঃৰাষ্ট্রীয় মঞ্চত ইয়াৰ সুনাম কলংকিত কৰিব পাৰে৷ ব’ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়াই ফ্রেনছাইজীসমূহক পেছাদাৰিত্ব আৰু অনুশাসন বজাই ৰাখিবলৈ আহ্বান জনাইছে৷

গাইডলাইনত উল্লেখ আছে যে মেনেজাৰৰ লিখিত অনুমতি অবিহনে হোটেলখনৰ ক্রিকেটাৰ বা সহায়ক কর্মচাৰীৰ কোঠাত কোনো বাহিৰৰ মানুহ প্রৱেশ কৰিব নোৱাৰিব৷ অতিথিসকলক হোটেলৰ লবী বা ৰিচেপচনতহে লগ কৰিব পাৰিব৷ হানী ট্রেপিং, যৌন নির্যাতনৰ দৰে আইনী জটিলতাৰ পৰা হাত সাৰিবলৈ এই সাৱধানতা অৱলম্বন কৰা হৈছে৷ হোটেলৰ পৰা ওলোৱাৰ আগতে ক্রিকেটাৰ বা সহায়ক কর্মচাৰীয়ে নিৰাপত্তাৰ যোগাযোগ বিষয়া বা দলৰ অখণ্ডতা বিষয়ক অৱগত কৰিব লাগিব৷ ব্যক্তিগত বা বিনোদনৰ বাবে বাহিৰলৈ ওলাই গ’লেও তেওঁলোকে দলৰ পৰিচালকক আগতীয়াকৈ অৱগত কৰিব লাগিব৷ দলৰ মালিকসকলে খেলৰ সময়ত ডাগআউট, ড্রেছিং ৰুম বা খেলপথাৰত ক্রিকেটাৰসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব নোৱাৰিব৷ পিএমঅ’এ (প্লেয়ার্ছ এণ্ড মেচ অফিচিয়েলছ এছেছ) প্রট’কল উলংঘা কৰিব নোৱাৰিব৷ ইয়াক গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হ’ব৷ খেলপথাৰ, ড্রেছিং ৰুম, ডাগআউট আৰু টীম হোটেলত ই-চিগাৰেট সম্পূর্ণভাৱে নিষিদ্ধ৷ এই নির্দেশনা লাভ কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত প্রতিটো দলে বাধ্যতামূলক ব্রীফিং অনুষ্ঠিত কৰিব লাগিব আৰু সকলো ক্রিকেটাৰ আৰু কর্মচাৰীৰ পৰা নিয়ম মানি চলিবলৈ লিখিত প্রতিশ্রুতি ল’ব লাগিব বুলি বিচিচিআয়ে স্পষ্টভাৱে নির্দেশ দিছে৷

You might also like