নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূবত AFSPAৰ অধীনত ‘অশান্ত এলেকা’ হ্ৰাস কৰাৰ সিদ্ধান্ত

 

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পুনৰবাৰ নাগালেণ্ড, অসম আৰু মণিপুৰত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনত ঘোষণা কৰা “অশান্ত অঞ্চল”ৰ অধিকাৰক্ষেত্ৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। আজি টুইটত শ্বাহে কয় যে। বৰ্তমান উত্তৰ-পূবত নিৰাপত্তা পৰিস্থিতিৰ যথেষ্ট উন্নতিৰ বাবে সিদ্ধান্ত লোৱা হৈছে।

‘উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক দিন! প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পুনৰবাৰ সিদ্ধান্ত লৈছে নাগালেণ্ড, অসম আৰু মণিপুৰৰ অশান্ত অঞ্চলসমূহ AFSPAৰ অধীনত হ্ৰাস কৰাৰ। উত্তৰ-পূব ভাৰতৰ নিৰাপত্তা পৰিস্থিতিৰ যথেষ্ট উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।’

শ্বাহে লগতে কয় যে ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মোদীয়ে উত্তৰ-পূবৰ নিৰাপত্তা, শান্তি আৰু উন্নয়নক অগ্ৰাধিকাৰ দিছিল আৰু তাৰ ফলস্বৰূপে অঞ্চলটো এতিয়া দ্ৰুতগতিত শান্তি আৰু উন্নয়নৰ পথত আগবাঢ়িছে।

 

You might also like