নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহ্যমণ্ডিত ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত বিহুনাচ প্ৰশিক্ষণৰ শুভাৰম্ভ সাংসদ প্ৰদান বৰুৱাৰ

 

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ:  লখিমপুৰ জিলাৰ ঢকুৱাখনা ম’হঘূলি চাপৰিৰ ঐতিহ্যমণ্ডিত ফাটবিহুতলীত আজি বিহুনাচৰ প্ৰশিক্ষণ শুভাৰম্ভ কৰে ১৪ নং লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই । মহঘুলি চাপৰিৰ ফাট বিহুতলিত আয়োজন কৰা বিহু নাচ প্ৰশিক্ষণত  প্ৰশিক্ষণ গ্ৰহণ কৰা নাচনীসকলে অহা ১৪ এপ্ৰিলত গুৱাহাটীত দেশৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ১১,০০০ নাচনীয়ে একেলগে বিহুনাচ প্ৰদৰ্শন কৰিবলগীয়া ঐতিহাসিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ লগতে লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত সাংসদ উন্নয়ন পুঁ‌জিৰে পুনৰ নিৰ্মাণ কৰা ফটবিহুৰ মূল মঞ্চৰো আজি শুভ উদ্বোধন কৰে সাংসদ গৰাকীৰ লগতে স্বানীয় বিধায়ক নব কুমাৰ দলেই। অনুষ্ঠানত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা ,অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাং , ঢকুৱাখনা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত ,ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াকে প্ৰমুখ্য কৰি ফাট বিহু সমিতিৰ বিষয়ববীয়াসকল,২০২৩ বৰ্ষৰ ফাটবিহু উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ৷

প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি

You might also like