নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত কোকৰাঝাৰত পুনৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ ৰাজ্যৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগমুহূৰ্তত তথা প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত কোকৰাঝাৰত পুনৰ উদ্ধাৰ হৈছে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ ৷

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুুুুমাৰ ৰিপু চিৰাং বনাঞ্চলত সোমবাৰে পুৱা কোকৰাঝাৰ সদৰ আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ভাৰত-ভূটান সীমান্তৰ ৰিপু চিৰাং বনাঞ্চলত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা অস্ত্ৰভাণ্ডাৰৰ ভিতৰত তিনিটা এ কে 56 ৰাইফল, তিনিটা এ কে 56 ৰাইফলৰ মেগজিন, 157 জাঁই সজীৱ গুলী, চাউল, কম্বল, প্লাষ্টিক, মিঠা তেল আৰু শুকান খাদ্য আদি আছে বুলি জানিব পৰা গৈছে ৷

You might also like