নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজবাটৰ চিকাৰী ডাংগাত বৃহৎ অস্ত্র উদ্ধাৰ 

নিয়মীয়া বাৰ্তা,  ৩ মে : অসম – অৰুণাচল সীমান্তৱর্তী  চিকাৰী  ডাংগাত বিটিআৰৰ  ওদালগুৰি জিলাৰ মাজবাটৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অস্ত্র উদ্ধাৰ  কৰিছে । আৰক্ষী সুত্রে জানিব পৰা মতে,  আজি ৩ মে’ৰ  পুৱতি নিশা মাজবাট অঞ্চলৰ চিকাৰী  ডাংগাৰ এক ঘন অৰণ্যৰ মাজত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা  হৈছে এই বৃহৎ পৰিমাণৰ অবৈধ অস্ত্র ।  ওদালগুৰি জিলাৰ  অতিৰিক্ত  আৰক্ষী  অধীক্ষক  জ্যোতি  পেগু  আৰু  মাজবাট আৰক্ষী থানাৰ আৰক্ষীৰ  লগতে  লালপানী আৰক্ষী চকীৰ  আৰক্ষীয়ে  যুটীয়াভাৱে গোপনে অভিযান চলাই উদ্ধাৰ কৰা অস্ত্রখিনিৰ ভিতৰত — ৬ টা এ কে -চিৰিজৰ ৰাইফল,  ৯ এম এম পিষ্টল এটা,  ৭৫ জাই সজীৱ গুলী  আৰু  ৯ টা মেগজিন আছে ।  উল্লেখযোগ্য যে , ইয়াৰ  পূৰ্বেও  মাজবাট আৰু লালপানী  আৰক্ষীয়ে অসম-  অৰুণাচল সীমান্তৱর্তী লালপানী এলেকাত  চাৰিবাৰকৈ  বৃহৎ  পৰিমাণৰ  অস্ত্র উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পাছত  এনেদৰে পুনৰ উক্ত অঞ্চলটোত অবৈধ অস্ত্র উদ্ধাৰ কৰিছে । গতিকে  এনেকুৱাকৈ   সঘটনাই অস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাত অসম – অৰুণাচল সীমান্তৱর্তী অঞ্চলৰ মাজবাট আৰু লালপানীৰ লগতে চিকাৰী ডাংগা  অঞ্চলৰ  ৰাইজৰ  মাজত বৰ্তমান তীব্ৰ   প্ৰতিক্ৰিয়াই  সৃষ্টি   কৰিছে ।
You might also like