ফাষ্ট ফুডৰ গাড়ীত অগ্নিকাণ্ড, নিমিষতে ভস্মীভূত AS 06 Flavour Factory
পিছত ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হয়।
দুলীয়াজানৰ ভাৰতীয় ষ্টেট বেংকৰ সমীপত ৰখাই থোৱা অৱস্থাত থকা এখন ফাষ্ট ফুডৰ গাড়ীত অগ্নিকাণ্ড সংঘটিত হৈছে।
AS06 Flavour Factory নামৰ ফাষ্ট ফুডৰ গাড়ীখনত গ্ৰাহকক খাদ্য যোগান ধৰি থকা অৱস্থাতেই হঠাৎ চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ফলত নিমিষতে গাড়ীখনত জুয়ে আগুৰি ধৰে।
পিছত ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হয়।
সৌভাগ্যক্ৰমে গাড়ীখনৰ গৰাকীৰ লগতে খাদ্য গ্ৰহণ কৰিবলৈ অহা কেইবাজনো গ্ৰাহক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা গাড়ীখনৰ নম্বৰ AS 25 DC 0886।
ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ