নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বার্তাজীৱী সংঘৰ প্রতিষ্ঠা দিৱসত নৰেশ কলিতা

নিয়মীয়া বাৰ্তা, ১৯নবেম্বৰ : সংবাদ পত্র, সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা সম্পর্কত আমি সমূহীয়াভাৱে কাম কৰিব লাগিব৷ কিছু পর্টেল, কিছু নতুন মিডিয়াই সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা হ্রাস কৰিছে৷ কোনো নির্দিষ্ট ঠিকনা নোহোৱা এইসমূহ পর্টেলৰ বাতৰি সঁচা নে মিছা পঢ়ুৱৈ ৰাইজে কেনেকৈ জানিব৷– এই মন্তব্য ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাৰ৷ ১৯ নৱেম্বৰত গুৱাহাটী প্রেছ ক্লাবত অনুষ্ঠিত অসম বার্তাজীৱী সংঘৰ ৪৯সংখ্যক প্রতিষ্ঠা দিৱসৰ মুকলি সভা আৰু সম্বর্ধনা অনুষ্ঠান উদ্বোধন কৰি কলিতাই কয় যে অসমীয়া বাতৰিকাকতে অকল বাতৰিকে প্রচাৰ নকৰে, ভাষা–সংস্কৃতিৰ হৈও কাম কৰি আহিছে৷ প্রায়বোৰ প্রতিষ্ঠানে অকল কাকতখনেই জীয়াই ৰখা নাই, অঞ্চলে অঞ্চলে ভাষা–কৃষ্টিৰ হৈ কাম কৰিছে৷ ভাষা–কৃষ্টিৰ হৈ কাম কৰা কাকতসমূহৰ আজি শোচনীয় অৱস্থা বুলিও তেওঁ আক্ষেপ প্রকাশ কৰে৷

সংঘৰ সভাপতি টুটুমণি ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ নাথ আৰু ‘অসমীয়া খবৰ’ৰ কার্যবাহী সম্পাদক বিশ্বজিৎ দাসে বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে৷ সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শর্মাই আঁত ধৰা সভাখনত সংঘৰ প্রতিষ্ঠাকালৰ ছয়গৰকী সভাপতি–সম্পাদকক সম্বর্ধনা জনোৱা হয়৷ তেওঁলোক হ’ল প্রাক্তন সভাপতি জয়কান্ত শর্মা, ৰফিক হাজৰিকা আৰু প্রাক্তন সম্পাদক গর্গৰাম বর্মন, ভক্তি ৰয়, ৰহেশ্বৰ চিৰিং আৰু মনোৰঞ্জন শর্মা৷ সম্বর্ধনা সভা পৰিচালনা কৰে ৰাজ্যিক কার্যনির্বাহক নৱনীতা কলিতাই৷ আনহাতে, এই সভাতে মণি মহন্তক সভাপতি আৰু জগদীশ চন্দ্র পাটগিৰীক সম্পাদক হিচাপে লৈ প্রকাশ কৰা স্মৰণিকা উন্মোচন কৰা হয়৷ ইয়াৰ পূর্বে পুৱা সভাপতি টুটুমণি ফুকনে সংঘৰ পতাকা উত্তোলন কৰে৷ সম্পাদক মুকুট ৰাজ শর্মাই স্মৃতি তর্পণ কৰাৰ পাছতে ৪৯সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে ৪৯ গছি বন্তি প্রজ্বলন কৰা হয়৷ আনহাতে, সভাই প্রতিষ্ঠা দিৱস উপলক্ষে অসম চৰকাৰৰ ওচৰত সাংবাদিকৰ পেন্সনৰ ২০জনৰ পৰা প্রতি বছৰে ৫ শতাংশ বৃদ্ধিৰ প্রস্তাৱ কার্যকৰী কৰা, ১০ কোটি টকাৰ পৰিয়াল কল্যাণ আঁচনিখন কার্যকৰী কৰা , জীৱন বীমা আঁচনি শীঘ্রে ৰূপায়ণৰ বাবে দাবী জনায়৷

You might also like