নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিহাৰ জেলত দিল্লীৰ মন্ত্ৰীয়ে লৈছে মালিচ! ভিডিঅ’ ভাইৰেল

নিয়মীয়া বাৰ্তা, ১৯নবেম্বৰ : এটা ভিডিঅ’ক লৈ দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা। য’ত দেখা গৈছে যে তিহাৰ জেলৰ কয়দী তথা দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনক আন কয়েদীয়ে দিছে মালিচ। সামাজিক মাধ্যমত ভাইৰেল কাৰাগাৰৰ ভিতৰৰ ভিডিঅ’টো। ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে দিল্লী চৰকাৰক তীব্ৰ সমালোচনা বিৰোধী বিজেপিৰ।

উল্লেখ্য যে এই ভিডিঅ’টো বহুকেইটা দিনৰ ছবি বুলি দাবী কৰা হৈছে। কিয়নো ভিডিঅ’টোত তেওঁক বিভিন্ন সাজ-পোছাক পৰিধান কৰা দেখা গৈছে। ইয়াৰ পূৰ্বেও ইডিয়ে দাবী কৰিছিল যে সত্যেন্দৰ জৈনে জেলত ভিভিআইপি সেৱা গ্ৰহণ কৰি আছে। ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে তেওঁ অতি আৰামত বিচনাত পৰি আছে। হাত ভৰি মালিচ কৰি আন মানুহৰ সৈতে বাৰ্তালাপটো মিলিত হৈছে।

ইপিনে এই ভিডিঅ’ক লৈ বিজেপিয়ে অভিযোগ কৰিছে যে আপৰ মন্ত্ৰীসকলে তিহাৰ জেলত শাস্তি পোৱাৰ বিপৰীতে বিলাসী জীৱন কটাইছে। এই সন্দৰ্ভত তদন্তৰ দাবী জনাইছে বিজেপিয়ে। ইয়াৰোপৰি জেলত তেওঁক লগ কৰিবলৈ অহা সেই মানুহবোৰ কোন বুলিও প্ৰশ্ন উত্থাপন কৰিছে বিজেপিয়ে। লগতে ভিডিঅ’টোত কেনেধৰণৰ ফাইল চেক কৰি আছে কাৰাবন্দী মন্ত্ৰী সত্যেন্দ্ৰ জৈনে তাক লৈও এক তদন্তৰ আহ্বান জনাইছে বিজেপি নেতৃত্বই।

You might also like