নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শর্মা চৰকাৰৰ ১০০দিনীয়া যাত্রাঃ সাগৰ–সংকাশ সম্ভাৱনা

সাগৰ–সংকাশ সম্ভাৱনাৰে এচলু পানী– ১০০টা দিন৷ হিমন্ত বিশ্ব শর্মা চৰকাৰে ১০০ দিন সম্পূর্ণ কৰিলে৷ পিছে কি হ’ল?
ৰাইজে নানা তৰহৰ কৰ–কাটল দিছে– নানা ৰূপত দিছে, নানা অজুহাতত দিছে৷ কেন্দ্রৰ পৰাও টকা–পইচা আহি আছে অনবৰতে, ক’ৰবাত কেতিয়াবা কিঞ্চিত কৰিছে যদিও ঞ্চিত কৰা নাই নানা আঁচনিৰ নামত, টোপোলা (পেকেজ)ৰ নামত কেন্দ্রৰ পৰা ধন আহে– ৰাজ্যৰ চৰকাৰে কেতিয়াবা খৰচ কৰ্বি নোৱাৰি কেন্দ্রক ঘূৰাই দিব লগা হোৱাকৈও৷ চৰকাৰে কাম কৰিবই, কাম কৰিবলৈ চৰকাৰ বাধ্য৷ নির্বাচিত দল বা জোঁটৰ চৰকাৰ নাথাকিলেও কামবোৰ চৰকাৰৰ আমোলা–বিষয়াই হ’লেও কৰিব৷ ৰাষ্ট্রপতিৰ শাসন চলি থাকোঁতেও ৰাজ্য একোখনৰ কাম–কাজবোৰ চলি থাকে৷
চৰকাৰে কৰা কার্যও, মানে কৰিব লগা কামো আছে, অকার্য, মানে কৰ্বি নলগা কামো আছে৷ আগৰ হুকেইটা চৰকাৰে অজস্র কৰিব নলগা কাম কৰি থৈ গৈছে৷ এনেয়ে ফাঁকি দি মানুহক দেখুৱাবলৈ গোটেই ৰাজ্যখনতে অসংখ্য আধাৰশিলা পাতিলে৷ অসংখ্য কামত নহা, নলগা বন কৰিলে, কামত খৰচ কৰিলে যিমান আত্মসাৎ কৰি খালে তাতকৈ বহু বেছি৷ কিছুমান ক্ষেত্রত একো কাম নকৰি গোটেইখিনি ধন খাই পেলালে৷ ক’ৰবাত কেতিয়াবা ক্বিা কাম কৰিছিল যদিও সেইবোৰৰ গুণ–মান ইমান নিকৃষ্ট যে কাম নকৰাৰ দৰেই হৈ থাকিল৷
তেন্তে চৰকাৰ এটাই কাম কৰিছে বুলি, এমাহ বা এশ দিন কাম কৰিছে বুলি জানন দি থকাৰ, বিজ্ঞাপিত কৰি থকাৰ মানে কি?
মানে আছে৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে এনে কিছুমান কাম কৰিছে, যিবোৰ কাম, যি ধৰণৰ কাম আগৰ আন কোনো চৰকাৰে কৰা নাছিল, আনকি কৰাৰ কথাই ভ্বা নাছিল৷ নতুন নতুন চিন্তাৰে নতুন নতুন কাম কৰিছে, তাকো তেজ কদমত, যোৱা এশ দিনত৷ তেওঁৰ চৰকাৰৰ এই কামবোৰলৈ চকু দিলে দেখিব, দেখি ভাবিবও লগা হ’ব আপোনাৰ জীৱন–কালত আন কোনো চৰকাৰৰ এনেকুৱা দ্রুত–গতিত কৰা, এনেকুৱা ভাল কাম আপুনি দেখিছিলনে? আপোনাৰ দেখা মনত পৰেনে?
লগতে চৰকাৰৰ কামবোৰৰ, আঁচনিবোৰৰ হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে দিয়াৰ দৰে ব্যাখ্যা–বিশ্লেষণ, অর্থ–তাৎপর্য আগেয়ে শুনিছিলনে? উদাহৰণ হিচাপে উল্লেখ কৰোঁ বৃদ্ধ পিতৃ–মাতৃক সংগ দিবলৈ, চোৱা–চিতা কৰিবলৈ চৰকাৰী চাকৰিয়াল সন্তানক ৭ দিন বিশেষ ছুটী দিয়া ধৰণৰ আঁচনি এখনৰ কথা আগেয়ে কোনোবাই ভাবিব পাৰিছিলনে? এনেকুৱা অভিনৱ, মানৱীয়তাপূর্ণ আঁচনি এখনৰ বিষয়ে চিন্তা কৰিব পৰা বা তেনে চিন্তাৰ আঁচনি এখনত অনুমোদন জনাব পৰা মুখ্যমন্ত্রী এজন হিমন্ত বিশ্ব শর্মাত পাইছোঁ৷ (চৰকাৰী চাকৰিয়ালক মাক–বাপেকক চোৱা–চিতা কৰ্বিৰ কাৰণে, শুশ্রূষা কৰিবৰ কাৰণে ৭ দিনৰ ছুটী দিবলৈ ল’ব খোজা ৱস্থাটো নতুন কথা, এই কথাটোত চৰকাৰৰ মানৱীয় চিন্তাধাৰাৰ প্রকাশ পাইছে৷)
চৰকাৰে যোৱা ১০০ দিনত অসংখ্য আঁচনি আৰু কার্য–ব্যৱস্থা গ্রহণ কৰি সেইবোৰ কার্যকৰী কৰিছে৷ প্রতি সপ্তাহৰ ধবাৰে কেবিনেট হিছে আৰু সিদ্ধান্তবোৰ লৈছে৷ এক্বোৰে যুদ্ধকালীন ব্যস্ততা আৰু তৎপৰতাৰে কামবোৰ চলিছে৷ ৰাজ্যখনৰ জনসাধাৰণে দীর্ঘকাল ধৰি জীৱন্মৃত অৱস্থাত ভুগি আছে, সেইকাৰণে ৰাইজৰ সমস্যাবোৰ যুদ্ধকালীন ব্যৱস্থা লৈ সমাধান কৰাটো জৰুৰী প্রয়োজন বুলি হিমন্তবিশ্ব শর্মাৰ চৰকাৰে অনুভৱ কৰিছে৷ চৰকাৰৰ আঁচনি, কার্য–ব্যৱস্থা আৰু কামবোৰৰ প্রচাৰ বিভাগে বিভাগে কৰিছে৷ সেইবোৰ যথাস্থানত, যথাসময়ত, যথাবিহিতভাৱে বিজ্ঞাপিত হৈছে৷ মোৰ ভাল লগাবোৰ, মই ভাল দেখাবোৰৰ বিষয়ে কৈছোঁ আৰু কৈ থাকিম৷
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈ, কেনেকুৱা এটা পৰিস্থিতি মোকাবিলা কৰি তেওঁৰ চৰকাৰৰ যোৱা ১০০টা দিন পাৰ কৰিব লগা হৈছে, যোৱা ১০০টা দিনত কাম কৰিব লগা হৈছে, পৰিমাণগতভাৱে আৰু গুণগতভাৱে উৎকৃষ্টমানৰ কাম কৰিছে– সেইটো দিশ বিবেচনা কৰি ক’ব লাগিব যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ ১০০টা দিনৰ কাম–কাজৰ বিষয়ে জানন দি থাক্বিৰ, বিজ্ঞাপিত কৰি থাক্বিৰ মানে আছে৷
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে জনাদেশ লওঁতেই আৰু ক্ষমতাত বহিয়েই যুদ্ধ–ঘোষণা কৰিছে তেওঁৰ পূর্বৰ কংগ্রেছ চৰকাৰকেইটাৰ ৰাজ্যৰ জনসাধাৰণক দিয়া ফাঁকি আৰু ভুৱাৰ বিৰুদ্ধে, কৰা ছলনা আৰু বঞ্চনাৰ বিৰুদ্ধে, প্রতাৰণা আৰু বিশ্বাসঘাতকতাৰ বিৰুদ্ধে, অসম আক্রমণ কৰা, অসমৰ ধর্ম–ভাষা–সংস্কৃতিক্ আক্রমণ কৰা অনুপ্রৱেশকাৰীসকল বিৰুদ্ধে, জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ নামত ভুৱা–প্রচাৰ, মিথ্যা–প্রচাৰ আৰু অপপ্রচাৰ কৰি অহাসকলৰ বিৰুদ্ধে, অসমক পুতি পেলোৱা দুর্নীতিৰ বিৰুদ্ধে, ড্রাগছ আৰু ড্রাগছৰ চোৰাং ৱসায় আৰু চোৰাং চালানৰ বিৰুদ্ধে, বিদেশী আৰু আন্তঃৰাষ্ট্রীয় জাৰলৈ পশু–সম্পদ, নজাত, খনিজাত সম্পদৰ অবৈধ চালানৰ বিৰুদ্ধে, প্রশাসনিক দুর্নীতি আৰু পুলিচ–প্রশাসনৰ কার্যকুশলতাৰ অভাৱ, দুর্নীতি আৰু সোৰোপালিৰ বিৰুদ্ধে, জনসাধাৰণৰ উদ্যমহীনতা, এলাহ আৰু কর্মবিমুখতাৰ বিৰুদ্ধে, মুঠতে ৰাজ্যখনৰ সার্বিক অধোগতিৰ বিৰুদ্ধে এই যুদ্ধ–ঘোষণা৷ তেওঁ যুদ্ধবোৰ কাৰ বিৰুদ্ধে কৰিছে সেইটো জনা আৰু জনোৱাটোৱেই মূল কথা নহয়, তেওঁ যুদ্ধখন কেনেকৈ কৰিছে, গণতান্ত্রিক নিয়মত কৰিছেনে নাই, যুদ্ধখনত ক্বিা অগ্রগতি লাভ কৰিছেনে নাই সেইটো জানি থকা আৰু জনাই থকাটোও জৰুৰী কথা৷
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ চৰকাৰটোৰ যোৱা প্রায় তিনিটা মাহ, অর্থাৎ যোৱা ১০০টা দিনৰ কাম–কাজবোৰ পর্যালোচনা কৰোঁতে, বিচাৰ কৰোঁতে এটা কথা সদায় মনত ৰাখিলে তেওঁৰ আৰু তেওঁৰ চৰকাৰৰ প্রতি সুবিচাৰ কৰা হ’ব৷ কথাটো হ’ল– মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই চৰকাৰত হি hurdle race’ দৌৰিব লগা হৈছে৷ দুর্লংঘ্য বাধাৰ প্রাচীৰ অতিক্রম কৰিবলৈ চেষ্টা কৰিব লগা হৈছে৷ ভৰিত লো–ৰ ল ান্ধি দৌৰিব লগা হৈছে৷ তেওঁৰ সন্মুখত অসংখ্য বাধা৷
প্রথম াধা কংগ্রেছ৷ কংগ্রেছে অসমত প্রায় ৫৭ বছৰীয়া কু–শাসন, অপশাসনৰ আৱর্জনা দ’ম কৰি থৈছে, সেইবোৰ চাফা কৰিব লাগিব, কিছু বছৰ সময় লাগিব৷ কংগ্রেছে অসম আক্রমণ কৰা (উচ্চতম ন্যায়ালয়ৰ শব্দ, ভাষা) পাকিস্তানী, াংলা ভাষামূলৰ মুছলমানসকলক স্বাধীনতা লাভৰ পিছতে অসমত অনুপ্রৱেশৰ সুযোগ–সুবিধা কৰি দি এতিয়া সেইসকল াংলা ভাষামূলৰ মুছলমানৰ মৌলানা নেতৃত্বাধীন দলটোৰ লগত মিত্রতা কৰি, এটা অভাৱনীয় স্থিতি লৈ অসম–সমীয়াৰ সন্মুখত জীৱন–মৰণ সমস্যাৰ সৃষ্টি কৰিছে, মুখ্যমন্ত্রী হিমন্ত িবশ্ব শর্মাৰ চৰকাৰৰ আগত অতি ভয়ংকৰ সমস্যা হৈ পৰিছে সেইটোৱেই৷ দেখা গৈছে, কংগ্রেছ–শাসনে দ’মাই থোৱা আৱর্জনাবোৰ তমান চৰকাৰে চাফা কৰিব পাৰিব, তাৰ লক্ষণ দেখা পোৱা গ’ল যোৱা ৫ বছৰীয়া ভাজপা–জোঁটৰ প্রথমটো চৰকাৰৰ শাসন–কালত আৰু বিশেষভাৱে তাৰ লক্ষণ প্রকাশ পোৱা দেখা গৈছে দ্বিতীয়টো ভাজপা–জোঁট চৰকাৰৰ যোৱা এশদিনীয়া কার্যকালত৷
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা চৰকাৰৰ সন্মুখত আটাইতকৈ ডাঙৰ বাধা হৈ থিয় দিছে অসম আন্দোলনক নেতৃত্ব দিয়াসকলৰ অবিমৃশ্যকাৰী এভাগে স্বাক্ষৰ কৰা ‘অসম চুক্তি’খন৷ আন্দোলন কৰাসকলে অসমত আছে বুলি দাবী কৰা ৮০ লাখ পাকিস্তানী অনুপ্রৱেশকাৰীক হিষ্কাৰ কৰিবলৈ ৱস্থাৰ দাবী নকৰি অসমতে ৰাখি থ’লে৷ চুক্তিয়ে ভাৰতীয় আৰু অসমীয়া কৰা সেই ৮০ লাখ অনুপ্রৱেশকাৰী স্বাধীনতাৰ লগতে অসমলৈ চোৰাংকৈ আহি সোমাই থকা এবিধpredator–জাতীয় উপদ্রৱকাৰী৷ ৰাজ্যখনতে থকা এই অসম–সমীয়াৰ শত্রুসকলক লৈ চৰকাৰ চলোৱা মুখৰ কথা নহয়৷ এই শত্রুসকলৰ এটা ৰাজনৈতিক দলো আছে আৰু তেওঁলোকৰ কংগ্রেছ আৰু কমিউনিষ্টৰ দৰে ৰাষ্ট্রীয় দলেবাৰৰ লগত মিত্রতাৰ জোঁট্বন্ধনো হৈছে, অর্থাৎ আনে সহজে যাতে হিলাব নোৱাৰে তাৰ াবে লগা সন্মান আৰু মর্যাদাও তেওঁলোকে যোগাৰ কৰি লৈছে৷
আন এটা অলংঘনীয় বাধা ‘ক’ভিড–১৯ মহামাৰী’৷
শেহতীয়া, মানে ১৮ আগষ্ট ২১ তাৰিখৰ সন্ধিয়াৰ এটা াতৰি মতে অসমত ক’ভিড মহামাৰী প্রায় নিয়ন্ত্রিত হৈছে৷ এই কৃতিত্বৰ ভাগ হিমন্ত বিশ্ব শর্মাকে দিব লাগিব, ইয়াৰ আগৰটো ভাজপা–জোঁটৰ চৰকাৰত স্বাস্থ্যমন্ত্রী হৈ তেওঁ যি নেতৃত্ব দিছিল, তাক তেওঁৰ শত্রুসকলেও প্রশংসা নকৰি নোৱাৰিছিল৷
খেৰ–জুমুঠিৰ (আৰু টায়াৰৰ) জুইৰ দৰে অসমীয়া জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ জুই ভমককৈ জ্বলিছে, ভমককৈ নুমাইছে, আকৌ জ্বলিছে, এক্বোৰে নুমাই গ’ল যেন লগাৰ পিছত আকৌ জ্বলিছে, আকৌ জ্বলাইছে, এইবাৰ মমতা ানার্জীৰ তৃণমূল কংগ্রেছতে জাহ গৈ ‘আমৰা াঙালী’তে অসমীয়া জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ শেষ হৈ যাবগৈ পাৰে৷
ক’ভিড ১৯–ৰ বিৰুদ্ধে যুদ্ধত হিমন্ত বিশ্ব শর্মাৰ নেতৃত্ব সদ্যহতে সফল হৈছে৷ কংগ্রেছ–আৱর্জনা চাফা কৰা যুদ্ধখন চলিছে আৰু চলিব, তাৰ াবে হিমন্ত বিশ্ব শর্মাক হয়তো আৰু কেইবাটাও পাঁচ্বছৰীয়া কার্যকালৰ প্রয়োজন হ’৷ অসম আৰু অসমীয়াৰ জাতীয়তাবাদ, আঞ্চলিকতাবাদ, ধর্ম–ভাষা–সংস্কৃতি আক্রমণ কৰা অনুপ্রৱেশকাৰীসকল বিৰুদ্ধে কৰা যুদ্ধ –এই তিনিখন প্রধান আৰু বিৰাট যুদ্ধৰ স্ততাৰ মাজতে সময় আৰু সুৰুঙা উলিয়াই ৰাজ্য–পৰিচালনাৰ কাম কৰি আছে ঃ চৰকাৰে ড্রাগছ–সেৱন আৰু ড্রাগছ–চালান আৰু সৰবৰাহৰ বিৰুদ্ধে যুদ্ধ আৰু কার্য–ব্যৱস্থা গ্রহণ কৰিছে, গো–মাংস ভক্ষণৰ সীমা ান্ধি দি আৰু গৰু–সৰ্বৰাহৰ বিৰুদ্ধে কার্য–ব্যৱস্থা গ্রহণ কৰিছে৷
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ ভাজপা–জোঁট চৰকাৰে ভৰিত এই বৰ বৰ শিলবোৰ বান্ধি লৈ দৌৰিও যোৱা ১০০ দিনত বহু দূৰ আগবাঢ়িছে, আৰু আগবাঢ়িব লাগিব ঃhe has promises to keep, he has miles to go.

-অনিল বৰুৱা, লেখক জ্যেষ্ঠ সাংবাদিক, ‘দৈনিক অসম’ৰ প্রাক্তন সম্পাদক,

ফোন- ৮৬৩৮০–২৮৪৮৬

You might also like