নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য অকাডেমিৰ সাধাৰণ পৰিষদৰ বিশ্ববিদ্যালয়ৰ প্রতিনিধি ৰূপে মনোনীত দিগন্ত বিশ্ব শর্মা

  • সাহিত্য অকাডেমিৰ সাধাৰণ পৰিষদৰ সদস্য ৰূপে মনোনীত গল্পকাৰ অপূর্ব কুমাৰ শইকীয়া
  • বিশ্ববিদ্যালয়ৰ প্রতিনিধি ৰূপে মনোনীত দিগন্ত বিশ্ব শর্মা
  • ভাষা প্রতিনিধি হিচাপে মনোনীত ড০ কুলধৰ শইকীয়া, তৰেণ চন্দ্র বড়ো

 

নিয়মীয়া বাৰ্তা, ৮জানুৱাৰী: ২০২৩–২০২৭ বর্ষলৈ ৫ বছৰীয়া কার্যকালৰ বাবে সাহিত্য অকাডেমিৰ সাধাৰণ পৰিষদখন গঠন কৰা হৈছে৷ ড০ চন্দ্রশেখৰ কামবাৰক সভাপতি হিচাপে লৈ গঠন হোৱা এই সাধাৰণ পৰিষদত অসম চৰকাৰৰ প্রতিনিধি হিচাপে স্থান লাভ কৰিছে গল্পকাৰ ডাঃ অপূর্ব কুমাৰ শইকীয়াই৷

আনহাতে, অকাডেমিৰ সাধাৰণ পৰিষদৰ বিশ্ববিদ্যালয়ৰ প্রতিনিধি ৰূপে মনোনীত হৈছে বিশিষ্ট বক্তা তথা অনুবাদক দিগন্ত বিশ্ব শর্মা, সাহিত্য অকাডেমি, সাধাৰণ পৰিষদৰ ভাষা প্রতিনিধি হিচাপে মনোনীত হৈছে অসম সাহিত্য সভাৰ সভাপতি তথা অসম আৰক্ষীৰ প্রাক্তন সঞ্চালকপ্রধান ড০ কুলধৰ শইকীয়া আৰু বড়ো সাহিত্য সভাৰ প্রাক্তন সভাপতি তৰেণ চন্দ্র বড়ো৷

উল্লেখ্য যে প্রতি পাঁচ বছৰৰ মূৰে মূৰে গঠন হোৱা সাহিত্য অকাডেমিৰ সাধাৰণ পৰিষদৰ কার্যকাল ৫ বছৰ৷ আগন্তুক কার্যকালৰ বাবে প্রতিখন ৰাজ্যৰ পৰা একোগৰাকীকৈ বিশিষ্ট ব্যক্তিক সদস্য হিচাপে মনোনীত কৰা হৈছে৷ অসমৰ পৰা ডাঃ অপূর্ব কুমাৰ শইকীয়া মনোনীত হোৱাৰ লগতে এই সন্মান কঢ়িয়াই আনিছে বক্তা তথা স্বামী অৰবিন্দৰ অনুগামী দিগন্ত বিশ্ব শর্মা৷ স্বাভাৱিকতে এই খবৰে সাহিত্যপ্রেমীক আনন্দিত কৰিছে৷

উল্লেখ্য যে কেইবাখনো অধ্যয়নমূলক তথা দর্শন সাহিত্যৰ সৃষ্টিৰে বিশেষ সুনাম কৰিবলৈ সক্ষম হোৱা দিগন্ত বিশ্ব শর্মাই স্বামী অৰবিন্দৰ কেইবাখনো পুথি ইতিমধ্যে অনুবাদ কৰিছে৷ এগৰাকী পেছাগত বক্তা হিচাপে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্থানত ভাষণ প্রদান কৰিও সমাদৃত হৈছে দিগন্ত বিশ্ব শর্মা৷ বিশ্ববিদ্যালয়ৰ প্রতিনিধি ৰূপে এইগৰাকী অনুবাদকক মনোনীত কৰা খবৰে সাহিত্যপ্রেমীকো উৎসাহিত কৰিছে৷ ইফালে, ভাষাৰ প্রতিনিধি হিচাপে মনোনীত হোৱা ড০ কুলধৰ শইকীয়া আৰু তৰেণ চন্দ্র বড়োৱে অসমীয়া সাহিত্য তথা বড়ো সাহিত্যত যথেষ্ট বৰঙণি আগবঢ়াইছে৷

You might also like