নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত তিনি কোটি টকাৰ হেৰʼইনসহ বিলাসী বাহন জব্দ, সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ আজি পুৱাৰ ভাগত অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে অভিযান চলাই কেইবা কোটি টকাৰ হেৰʼইনসহ এখন বিলাসী বাহন জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি পুৱা খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া বাহিনীয়ে খটখটী থানাৰ অন্তৰ্গত গৌতম বস্তিত এক তালাচী অভিযান চলায়। উক্ত অভিযানৰ সময়তে এএছ-০২-জি-৪৪৪৭ নম্বৰৰ চেভ্ৰʼলেট বাহনখনত তালাচী চলাই ৪৮ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৬২৫.৭৪ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় তিনি কোটি টকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। উল্লেখ্য যে, বাহনখনৰ দুৱাৰৰ ভিতৰত কৌশলেৰে হেৰʼইনখিনি সৰবৰাহৰ চেষ্টা কৰা হৈছিল। এই সন্দৰ্ভত আৰক্ষীয়ে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এক নং সৰু মেচাই গাঁৱৰ ভদ্ৰ দহোটীয়া (৩২) নামৰ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
You might also like