নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছাম বিল্ডিং এণ্ড আদাৰ কনষ্ট্রাকচন ব’র্ডে হৰলুকী কৰিলে ৮০ কোটি

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: দক্ষতা বিকাশৰ নামত ৰাজ্য চৰকাৰৰ শ্রম বিভাগত বিয়াগোম দুর্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ বেচৰকাৰী সংগঠন আছাম পাব্লিক ৱর্কছ (এ পি ডব্লিউ)য়ে উত্থাপন কৰা অভিযোগ অনুসৰি দক্ষতা বিকাশ সম্পর্কীয় কেন্দ্রীয় চৰকাৰৰ নির্দেশাৱলী উলংঘা কৰি শ্রম বিভাগৰ অধীনস্থ আছাম বিল্ডিং এণ্ড আদাৰ কনষ্ট্রাকচন ৱেলফেয়াৰ ব’র্ডে শেহতীয়াকৈ ৮০ কোটি টকা হৰলুকী কৰিছে৷

সমগ্র বিষয়টোত তদন্তৰ দাবী জনাই এ পি ডব্লিউৱে আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হস্তক্ষেপ কামনা কৰিছে৷ চাঞ্চল্যকৰ কথাটো হ’ল– ইতিমধ্যে সংঘটিত এই দুর্নীতিৰ পাছত আছাম বিল্ডিং এণ্ড আদাৰ কনষ্ট্রাকচন ৱেলফেয়াৰ ব’র্ডে আন ১৫০ কোটি টকাৰ আন এক পুঁজি লুণ্ঠনৰ এক ব্লুপ্রিণ্ট ৰচনা কৰা বুলি এ পি ডব্লিউৰ তৰফৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে৷

এই সন্দর্ভত সংগঠনটোৰ সভাপতি অভিজিৎ শর্মাই প্রধানমন্ত্রীলৈ প্রেৰণ কৰা পত্রত কোৱা হৈছে যে বিগত সময়ছোৱাত দক্ষতা বিকাশৰ প্রশিক্ষণৰ নামত শ্রম বিভাগৰ তৰফৰ পৰা বিভিন্ন শ্রেণীৰ শ্রমিকসকলক উচ্চমানৰ প্রশিক্ষণ দিয়াৰ নামতআছাম বিল্ডিং এণ্ড আদাৰ কনষ্ট্রাকচন ৱেলফেয়াৰ ব’ডৰ ছত্রছায়াত ৮০ কোটি টকাৰ বিয়াগোম দুর্নীতি সংঘটিত হৈছে৷

পাছত সাংবাদিকৰ আগত অভিজিৎ শর্মাই উত্থাপন কৰা অভিযোগ অনুসৰি এই দুর্নীতিত জনৈক অলোক সৰকাৰ নামৰ এজন ব্যক্তিক সাৰথি কৰি ব’ডৰ অধ্যক্ষ জে বি এক্কা আৰু উপ–শ্রম আয়ুক্ত অনুসূয়া দত্ত বৰুৱাই পোনপোটীয়াকৈ জডিত হৈ আছে৷ এই সন্দর্ভত এ পি ডব্লিউৰ তৰফৰ পৰা বিভাগীয় মন্ত্রী সঞ্জয় কিষাণক সোঁশৰীৰে আৰু ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক পত্রযোগে ইতিমধ্যে অৱগত কৰোৱা হৈছে বুলি অভিজিৎ শর্মাই জানিবলৈ দিয়ে৷ তেওঁৰ বক্তব্য– দক্ষতা বিকাশ হেতু প্রয়োজনীয় প্রশিক্ষণৰ বাবে কেন্দ্রীয় চৰকাৰৰ একাধিক নির্দেশাৱলী আছে৷ পিছে সংশ্লিষ্ট নির্দেশাৱলী উলংঘা কৰি প্রকৃতার্থে কোন প্রশিক্ষার্থীয়ে ক’ত কি প্রশিক্ষণ গ্রহণ কৰিলে বা কোন কোন প্রশিক্ষকে প্রশিক্ষণ প্রদান কৰিলে, সেই সন্দর্ভত বিভাগীয় কর্তৃপক্ষই সম্পূর্ণ গোপনীয়তা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷

আনকি কোন কোন স্থানত কি কি শাখাত প্রশিক্ষণ প্রদান কৰা হ’ল, প্রশিক্ষণ কেন্দ্রসমূহৰ প্রকৃত ঠিকনা, প্রশিক্ষার্থীৰ সংখ্যা, প্রশিক্ষকসকলৰ প্রশিক্ষণ দিব পৰা প্রয়োজনীয় অর্হতা আছে নে নাই, তাৰো কোনো তথ্য বিভাগটোৰ পৰা কোনেও দিব পৰা নাই বুলি তেওঁ অভিযোগ উত্থাপন কৰে৷ অভিজিৎ শর্মাৰ আন এক গুৰুতৰ অভিযোগ– প্রশিক্ষক আৰু প্রশিক্ষার্থীৰ দৈনিক ভাট্টাৰ নামত প্রকৃততে কিমান ধন ব্যয় কৰা হল, এই সকলো তথ্য গোপনে ৰাখি এচাম ভুৱা প্রশিক্ষক, প্রশিক্ষার্থী, প্রশিক্ষণ কেন্দ্র তৈয়াৰ কৰি ৮০ কোটি টকা হৰলুকী কৰিছে আছাম বিল্ডিং এণ্ড আদাৰ কনষ্ট্রাকচন ৱেলফেয়াৰ ব’র্ডে৷ এইক্ষেত্রত বিভাগীয় সকলো নীতি–নিয়ম ভংগ কৰি অজিতাছ ভেঞ্চার্ছ প্রাইভেট লিমিটেড আৰু গার্গো ইনষ্টিটিউট অৱ টেকন’লজী নামৰ দুটা সংস্থাক প্রশিক্ষণ চলোৱাৰ নামত সকলো দায়িত্ব অর্পণ কৰা হৈছিল বুলি শর্মাই সাংবাদিকক জানিবলৈ দিয়ে৷

আছাম পাব্লিক ৱর্কছৰ মতে, প্রথম পর্যায়ত সংঘটিত এই ৮০ কোটি টকাৰ দুর্নীতিৰ পাছত এতিয়া দ্বিতীয় পর্যায়ৰ দুর্নীতিৰ প্রাৰম্ভিক সকলো কাম সংশ্লিষ্ট বিভাগটোৱে সম্পন্ন কৰিছে৷ তেওঁ প্রকাশ কৰা মতে, অনাগত দিনত আছাম বিল্ডিং এণ্ড আদাৰ কনষ্ট্রাকচন ৱেলফেয়াৰ ব’র্ডে ১৫০ কোটি টকা লুণ্ঠনৰ এক ব্লুপ্রিণ্ট ইতিমধ্যে প্রস্তুত কৰিছে৷ সেয়েহে সময় থাকোঁতে সমগ্র বিষয়টোত তদন্তৰ দাবী জনাই পাব্লিক ৱর্কছে আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রত্যক্ষ হস্তক্ষেপ কামনা কৰিছে৷

ইফালে আছাম বিল্ডিং এণ্ড আদাৰ কনষ্ট্রাকচন ৱেলফেয়াৰ ব’ডত ৮০ কোটি টকাৰ লুণ্ঠনক লৈ সৰৱ হৈ পৰিছে দুর্নীতি বিৰোধী যুৱ শক্তি, অসম নামৰ সংগঠনটোও৷ দুর্নীতি বিৰোধী যুৱ শক্তিৰ সভাপতি ধর্মকান্ত গগৈয়ে আজি এক সংবাদ মেলত ইয়াৰ উচিত তদন্তৰ দাবী কৰে৷ গগৈয়ে জানিবলৈ দিয়া মতে ইতিমধ্যে এই বিত্তীয় অনিয়মৰ তদন্তৰ দাবীৰে যোৱা ২১ ছেপ্ঢেম্বৰত শ্রম মন্ত্রী সঞ্জয় কিষাণক এখন পত্র দিয়া হৈছিল৷

সেইদৰে ইয়াৰ তদন্ত বিচাৰি অসম আৰক্ষীৰ নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক শাখাৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙক যোৱা ২৭ ছেপ্ঢেম্বৰত এক পত্র প্রদান কৰা হৈছিল৷ দুর্নীতি বিৰোধী যুৱ শক্তিয়ে এই বৃহৎ পৰিমাণৰ চৰকাৰী পুঁজি লুণ্ঠনেৰ তদন্ত কৰি ইয়াৰ সৈতে জড়িতসকলক গ্রেপ্তাৰ কৰিবলৈ দাবী জনায়৷

You might also like