নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত দা–যাঠী লৈ চলোৱা দলবদ্ধ আক্রমণত দুজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ:  বৰপেটা সদৰ থানাৰ অন্তর্গত গৰেমাৰী পথাৰত শনিবাৰে এক লোমহর্ষক হত্যাকাণ্ড সংঘটিত হয়৷ ভূমি বিবাদক কেন্দ্র কৰি সংঘটিত হয় এই হত্যাকাণ্ড৷ এটা পক্ষৰ দলবদ্ধ আক্রমণত আনটো পক্ষৰ দুজন লোকৰ মৃত্যু হয়৷ মৃত লোক দুজন হ’ল চুৰপান আলী (৪৫) আৰু জলিল আলী (৩৫)৷ পুৱা প্রায় ৮.৩০ বজাত চুৰপান আলীৰ ঘৰত সংঘটিত হয় এই হত্যাকাণ্ডটো৷

সমীপৱর্তী চৰকপাৰা গাঁৱৰ পৰা অহা এটা ৪০জনীয়া দলে গৰেমাৰী গাঁৱৰ চুৰপান আলীৰ ঘৰত আক্রমণ চলায়৷ দা, জোং, লাঠী আদিৰে চলোৱা দলবদ্ধ আক্রমণত চুৰপান আলী আৰু জলিল আলীয়ে থিতাতে প্রাণ হেৰুৱায়৷ এই হত্যাকাণ্ডক লৈ অঞ্চলজুৰি সৃষ্টি হয় উত্তেজনা৷ পাছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ এই হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰে৷

উল্লেখ্য যে চৰকপাৰা গাঁৱৰ এটা পৰিয়ালৰ সৈতে গৰেমাৰী গাঁৱৰ চুৰপান আলীৰ দীর্ঘদিন ধৰি ভূমি বিবাদ চলি আছিল৷ চুৰপান আলীয়ে ক্রয় কৰা এটুকুৰা ম্যাদী মাটি দখল কৰাৰ বাবে দীর্ঘদিন ধৰি চেষ্টা কৰি আছিল শ্বহিদুল, মামুদ আলী, তাহেৰ আলী, তাজেন, চাহাৰ আলী, আয়নাল আলী নামৰ লোককেইজনে৷ কালি এই লোককেইজনৰ নেতৃত্বতে এটা প্রায় ৪০জনীয়া দল চুৰপান আলীৰ ঘৰলৈ আহি দা–যাঠী লৈ আক্রমণ কৰে৷ চুৰপান আলী আৰু জলিল আলীক নৃশংসভাৱে হত্যা কৰি দলটো আঁতৰি যায়৷ আৰক্ষীয়ে এই হত্যকাণ্ডৰ সৈতে জডিতসকলক আটক কৰাৰ বাবে অভিযান চলাইছে৷

You might also like