নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত নতুনকৈ ৪৩ গৰাকী লোকৰ দেহত ক’ৰোনা

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ ৰাজ্যত নতুনকৈ ৪৩ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷

ইয়াৰে ১৪ গৰাকী নগাঁৱৰ, ১০ গৰাকী গোলাঘাটৰ, ১০ গৰাকী কামৰূপৰ, ২ গৰাকী যোৰহাটৰ, ২ গৰাকী বাক্সাৰ, ২ গৰাকী চিৰাঙৰ ; এগৰাকীকৈ কাৰ্বি আংলং, ধেমাজি আৰু বঙাইগাঁৱৰ ৷

যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ৩৯৪৩ জনলৈ বৃদ্ধি ঘটে৷

ইপিনে ৰাজ্যত সম্প্ৰতি ২১২৭ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হোৱা ৰোগীৰ সংখ্যা হৈছে ১৮০৫ গৰাকী ।

You might also like