নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোচ নাখাই অসম আৰক্ষীত আদৰ্শ স্থাপন কৰকঃ বৃহৎ নিযুক্তি সমাৰোহত মুখ্যমন্ত্ৰী

বিশেষ বাৰ্তা, ১৪ মেঃ আজি এটা গৌৰৱৰ দিন, কোনেও এটকাও নিদিয়াকৈ নিযুক্তি পাইছে। দুখীয়া, মধ্যবিত্ত ঘৰৰ ল’ৰা-ছোৱালীয়ে আজি নিযুক্তি পাইছে। অসম পুলিচত বহু পৰিৱৰ্তন আহিছে, আজি চাকৰি লাভ কৰা এই আঠ হাজাৰ ল’ৰা-ছোৱালীয়ে গৈ অসম আৰক্ষীত এটা আদৰ্শ স্থাপন কৰিব লাগে যে আমি দুখীয়া মানুহৰ টকা নাখাওঁ, কোনোবা বিষয়াই ক’লেও আমি কাৰোৰে পৰা টকা কালেকছন কৰি আনি দিব নোৱাৰোঁ, অপৰাধ নিয়ন্ত্ৰণত কোনো দয়া-মায়া-ক্ষমা নাই …। এই ভাষ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। আজি ৰাজ্যবাসীৰ বাবে এটা বিশেষ দিন। এক লাখ চাকৰি সন্ধানীক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি এখোজ দিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে। চৰকাৰখনৰ এবছৰ সম্পূৰ্ণ হোৱাৰ সময়তে ৰাজ্য চৰকাৰৰ ১১ টা বিভাগত ২২,৯৫৮ গৰাকী যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে।

You might also like