নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবৃদ্ধি নিয়ন্ত্রণৰ নতুন চিন্তা, গম ৰপ্তানী বন্ধ কৰাৰ নির্দেশ মোদী চৰকাৰৰ

বিশেষ বাৰ্তা, ১৪ মেঃ মূল্যবৃদ্ধিৰ বাবে সাধাৰণ জনতাৰ হাহাকাৰ লাগিছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে ভাৰতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ঘেঁহুৰ ৰপ্তানি নিষিদ্ধ কৰিছে। শুকুৰবাৰে বাণিজ্য মন্ত্রালয়ৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়।কেবাটাও কাৰণত বিশ্বব্যাপী হঠাতেই গমৰ দাম বাঢ়িছে। গম ৰপ্তানীক লৈ কেবাখনো বৈঠক কৰিছে চৰকাৰৰ সংশ্লিষ্ট মন্ত্রালয়ে। ইউক্রেইনত ৰাছিয়াৰ আগ্রাসনৰ ফলত বিশ্বব্যাপী কৃষি বজাৰত অস্থিৰতাৰ সৃষ্টি হৈছে। বিশ্বৰ অন্যতম গম উৎপাদনকাৰী দেশখনেই হৈছে ইউক্রেইন। সমগ্ৰ ইউৰোপৰ গম সৰবৰাহকাৰী দেশবোৰৰ মাজত বৃহত বজাৰ দখল কৰিছে দেশখনে। ইপিনে, এছিয়া তথা বিশ্বৰ অন্যতম গম উৎপাদনকাৰী দেশ ভাৰত। এনে পৰিপ্রেক্ষিত এক বিজ্ঞপ্তিৰে চৰকাৰে জনাইছে, বিশ্ববজাৰত গমৰ নাটনিৰ প্ৰতি নজৰ ৰাখি ৰপ্তানি বন্ধ কৰা হৈছে।

You might also like