নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা নিয়মিতভাবে কাৰ্যালয়লৈ যাব লাগিব চৰকাৰী কৰ্মচাৰী

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ক’ভিড ভেকচিনৰ দ্বিতীয় ড’জ লোৱা সকলো চৰকাৰী কৰ্মচাৰীয়ে কাইলৈৰ পৰা নিয়মিত ভাবে যাব লাগিব কাৰ্যালয়লৈ। আজি এই সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰী কৰিছে এক নিৰ্দেশনা।

এই নিৰ্দেশনা মতে চৰকাৰী কাৰ্যালয়সমূহৰ কামকাজ সুচাৰুকৈ পৰিচালনা কৰাৰ বাবে ক’ভিড-১৯ ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰা অসম চৰকাৰৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰীক ১৪ জুনৰ পৰা কাৰ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে ক্রমাৎ সামান্য উন্নত হৈছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি৷ আক্রান্তৰ হাৰ ২.১৪ শতাংশলৈ নিম্নগামী হৈছে৷

 

You might also like