নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰয়াত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ ঘৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ আজি প্ৰয়াত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰয়াত বিধায়কগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “গোঁসাইগাঁও সমষ্টিৰ বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াই প’ষ্ট কভিড ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিছিল। সেইসময়ত মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আহি শেষ শ্ৰদ্ধা নিবেদন কৰিছিলো। আজি মই প্ৰয়াত বিধায়কগৰাকীৰ বাসগৃহলৈ আহি তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰিলো। লগতে পৰিয়ালৰ লোকক লগ কৰি সমবেদনা জ্ঞাপন কৰিলো।”

উল্লেখ্য যে একেৰাহে চাৰিবাৰ জয়ী হৈ বিধায়কৰ পদ অলংকৃত কৰা মাজেন্দ্ৰ নাৰ্জাৰীৰ যোৱা ২৬ মে’ত মৃত্যু ঘটিছিল।

You might also like