নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচাঙৰ সীমা নাজানে বন বিভাগে

নিয়মীয়া বাৰ্তা ২ আগষ্টঃ মহানগৰীৰ আমচাং অভয়াৰণ্যত অব্যাহত আছে বেদখল৷ একাংশ লোকে নিশাৰ ভিতৰতে সোণাপুৰৰ ১৩ মাইল অঞ্চলৰ আমচাঙৰ বিবদমান ভূমিত পকীখুঁটা পোতাৰ লগতে আন একাংশই ঘৰ সাজিছে৷ এই ঘটনাৰ উমান পাই দেওবাৰে ৰাজহ চক্র বিষয়া, বশিষ্ঠ আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হয়৷ কিন্তু সীমা নির্ধাৰণ কৰিব নোৱৰা বাবে উচ্ছেদ অভিযানকাৰী দলটো উভতি আহিবলগীয়া হয়৷ উল্লেখ্য যে যোৱা ১৭ জুলাইত বন বিভাগে অঞ্চলটোৰ বেদখল উচ্ছেদ কৰিছিল৷ কিন্তু ইয়াৰ পিছতো পুনৰ বেদখলকাৰীয়ে বনাঞ্চলৰ ভূমিত বেদখল কৰা বুলি জানিব পৰা গৈছে৷

You might also like