নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বক্র পথেৰে যোৰহাট বিজ্ঞান–প্রযুক্তিবিদ্যা প্রতিষ্ঠানত চাকৰিঃ পুনৰ ৬ কর্মচাৰীক বর্খাস্ত কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানত বক্র পথেৰে চাকৰি লোৱা তিনি কর্মচাৰীক যোৱা ২৪ জুনত বর্খাস্ত কৰাৰ পাছতে বৃহস্পতিবাৰে পুনৰ ৬জনকৈ কর্মচাৰীক ৰাজ্য চৰকাৰে বর্খাস্তৰ নির্দেশ দিছে৷ হেমন্ত গগৈ, ৰিমঝিম গগৈ, মানস গগৈ, মুকুল গগৈ, নীলু বাল্মীকি আৰু ৰমেশ বৰা নামৰ ৬গৰাকীক বর্খাস্তৰ নির্দেশ দিয়ে৷ প্রতিষ্ঠানখনত বিগত কেইবাবছৰ ধৰি নিযুক্তি কেলেংকাৰি, দুর্নীতি আৰু অনিয়ম সম্পর্কত কাকজান আঞ্চলিক ছাত্র সন্থা আৰু স্থানীয় ৰাইজে তদন্তৰ দাবী জনাই অহাৰ লগতে প্রতিবাদী কার্যসূচীও গ্রহণ কৰি আহিছে৷ বর্তমানলৈকে মুঠ ৯জন কর্মচাৰীৰ বর্খাস্তই এই দাবীসমূহ সঁচা প্রমাণ কৰিছে৷ যোৱা ৬ জুলাইত কাকজান আঞ্চলিক ছাত্র সন্থাই মুখ্যমন্ত্রীলৈ প্রেৰণ কৰা স্মাৰক–পত্রত প্রতিষ্ঠানখনত ২০১৩ চনৰ পৰা আন্তঃগাঁথনি উন্নয়নৰ নামত বিভিন্ন শিতানত আবণ্টিত চৰকাৰী ধনৰ অপব্যৱহাৰৰ লগতে শিক্ষানুষ্ঠানখনলৈ বিশ্ববিদ্যালয় অনুদান আয়োগ, ৰাষ্ট্রীয় শিক্ষা অভিযান মিছন, অসম চৰকাৰৰ অনুদান, চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ সম্প্রসাৰণৰ বাবে ক্ষতিপূৰণ হিচাপে পোৱা টকা, আৱাস মেৰামতি, বিভিন্ন সামগ্রী যোগান আৰু প্রতিষ্ঠানখনৰ বাবে প্রয়োজনীয় তিনিখন বাছ যোগানৰ তদন্তৰ বাবে তদন্ত আয়োগ গঠন কৰাৰ লগতে প্রতিষ্ঠানখনৰ শেহতীয়াকৈ বর্খাস্ত কৰা তিনিগৰাকীৰ লগতে সমগ্র নিযুক্তি প্রক্রিয়াটো তদন্তৰো দাবী জনায়৷

কাকজান আঞ্চলিক ছাত্র সন্থাৰ সভাপতি সংকল্প গগৈ আৰু সাধাৰণ সম্পাদক চম্পক দত্তই এক বিবৃতিযোগে কয়– ৰাজ্যত লাখ লাখ শিক্ষিত নিবনুৱাই এটা চাকৰিৰ কাৰণে হাহাকাৰ কৰাৰ সময়তে জিষ্ট প্রতিষ্ঠানত অনিয়মেৰে নিযুক্তি প্রদান কৰি থকা হৈছে, গতিকে প্রতিষ্ঠানখনৰ নিযুক্তি প্রক্রিয়াটো তদন্ত কৰাৰ লগতে সম্পূর্ণ স্বজন–তোষণ আৰু অবৈধভাৱে নিযুক্তি দিয়া এই গোটেই প্রক্রিয়াটোৰ লগত জডিত ব্যক্তিসকলক তদন্তৰ আওতালৈ আনি আইনগতভাৱে শাস্তি প্রদান কৰি অসম চৰকাৰে নিবনুৱা যুৱক–যুৱতীসকলক্ ন্যায় প্রদান কৰিব লাগে৷

অসম চৰকাৰে কেৱল চাকৰি বর্খাস্ত কৰি দায়িত্ব সামৰিলে নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ প্রতিষ্ঠানখনৰ অধ্যক্ষ ড০ বিবেকানন্দ চৌধুৰী, বিতর্কিত সহযোগী অধ্যাপক ড০ চন্দ্র চুতীয়া আৰু অধ্যক্ষৰূপী ঠিকাদাৰ অমল চন্দ্র বৰাৰ খেয়াল–খুচি মতেই শেহতীয়াকৈ বর্খাস্ত হোৱা কর্মচাৰীকেইজনৰ তিনিজন এগৰাকী ড০ চন্দ্র চুতীয়াৰ পত্নী, এগৰাকী ঠিকাদাৰ অমল বৰাৰ জীয়ৰী আৰু অন্য এগৰাকী জিষ্টত চলি থকা TEQIP প্রকল্পৰ কর্মচাৰীৰ পত্নীক নিযুক্তি প্রদান কৰিছিল৷ ইয়াৰ উপৰি প্রতিষ্ঠানখনৰ বাবে প্রয়োজনীয় তিনিখন বাছ, বিভিন্ন সামগ্রী যোগান, নির্মাণ আৰু মেৰামতি নিবিদা তথা বিজ্ঞাপনবিহীনভাৱে অমল বৰা নামৰ বিতর্কিত ঠিকাদাৰজনে দীর্ঘদিন ধৰি লাভ কৰি আহিছে৷ এই গোটেই ক’লা অধ্যায়টো উৎখাত কৰিবৰ কাৰণে কেলেংকাৰিৰ নায়ক অধ্যক্ষ ড০ বিবেকানন্দ চৌধুৰী আৰু তেওঁৰ সোঁহাতস্বৰূপ সহযোগী অধ্যাপক ড০ চন্দ্র চুতীয়া আৰু ঠিকাদাৰ অমল চন্দ্র বৰাক তদন্তৰ আওতালৈ অনাৰ লগতে ছাত্র সন্থাই তদন্ত আয়োগৰ দাবী জনাই আহিছে৷

You might also like