নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেগিঙক লৈ কঠোৰ হ’ব অসম আৰক্ষী

নিয়মীয়া বাৰ্তা, ৩ডিচেম্বৰ:  ডিব্রুগড় বিশ্ববিদ্যালয়ৰ শিহৰণকাৰী ৰেগিং কাণ্ডৰ পাছত কঠোৰ হৈছে অসম আৰক্ষী৷ বিভিন্ন শিক্ষানুষ্ঠানত ৰেগিঙৰ নামত হৈ থকা অত্যাচাৰৰ বিৰুদ্ধে এতিয়াৰ পৰা অসম আৰক্ষীয়ে যথেষ্ট কঠোৰতা অৱলম্বন কৰিব বুলি আজি সকীয়াই দিছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷ আজি সাংবাদিকৰ সৈতে হোৱা বার্তালাপত আৰক্ষী সঞ্চালকপ্রধান মহন্তই কয় যে ৰেগিং কোনো কাৰণতে গ্রহণযোগ্য নহয়৷ কোনো কাৰণতেই ৰেগিং সহ্য কৰা নহ’ব৷ সভ্য সমাজত নতুন ডেকাচামে বহু আশা–আকাংক্ষা লৈ শিক্ষানুষ্ঠান এখনত শিক্ষা গ্রহণৰ বাবে আহে৷ তেনে অৱস্থাত তেওঁলোকক যদি কোনোবাই ৰেগিঙৰ নামত মানসিক–শাৰীৰিকভা অত্যাচাৰ কৰে, সেয়া কেতিয়াও গ্রহণ কৰা নহ’ব৷ মুখ্যমন্ত্রীয়েও ৰেগিঙক লৈ কঠোৰ স্থিতি লৈছে৷ গতিকে আমি সেই ধৰণেই ব্যৱস্থা ল’ম৷ ডিব্রুগড় বিশ্ববিদ্যালয়ত হোৱা শিহৰণকাৰী ৰেগিং কাণ্ডত জড়িত যিকোনো লোককে প্রয়োজনত কঠোৰৰ পৰা কঠোতম শাস্তি দিয়াৰো পোষকতা কৰে তেওঁ৷

You might also like