নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাণৰ মমতাত চিকিৎসালয় এৰি ৰাজপথ পালে ক’ভিড ৰোগী

নিয়মীয়া বাৰ্তা ২ মেঃ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত (এ এম চি এইচ) কালি মাজনিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ চিকিৎসা মহাবিদ্যালয়খনৰ হাস্পতালখনৰ ক’ভিড ৱার্ডত মাজনিশা হঠাৎ এক হাহাকাৰ পৰিস্থিতি উদ্ভৱ হয়৷ জানিব পৰা মতে, ক’ভিড ৱার্ডৰ আই চি ইউ কক্ষত বৈদ্যুতিক শ্বর্ট চার্কিট ঘটে৷ অৱশ্যে ভয়ংকৰ অগ্ণিকাণ্ড সংঘটিত হোৱাৰ পৰা কথমপিহে ৰক্ষা পৰে৷ নিশা প্রায় ১.৩০ বজাত মেডিচিন বিল্ডিঙৰ সংলগ্ণ দ্বিতীয় মহলাৰ ক’ভিড ৱার্ডত শ্বর্ট চার্কিটৰ বাবে জুইৰ স্ফূলিংগ নির্গত হোৱাত চিকিৎসাধীন ১৩৩জন ক’ভিড ৰোগীৰ অধিকাংশ ৰাজপথলৈ প্রাণৰ মমতাত ওলাই আহে৷ আনকি অক্সিজেন লৈ থকা ২০জন ৰোগীও ক’ভিড ৱার্ডৰ উক্ত বিল্ডিংটোৰ তলত থকা পথত আহি অতি পুতৌজনক অৱস্থাত অৱস্থান গ্রহণ কৰে৷ নিশাৰ ভাগত কর্তব্যত থকা কর্মচাৰী আৰু হাস্পতাল কর্তৃপক্ষই ৰোগীসকলক আন স্থানলৈ তাৎক্ষণিকভাৱে নিয়াৰ চেষ্টা কৰে৷

অৱশ্যে এনে শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱশ্যে বহু প্রচেষ্টাৰ অন্তত শাম কাটে৷ নিশাই বহু ৰোগীৰ অভিভাৱকো উক্ত স্থানত উপস্থিত হয়হি বুলি জানিব পৰা গৈছে৷ হাস্পতাল কর্তৃপক্ষই জনোৱা মতে, এখন বিজুলী পাংখাত (ফেন) হোৱা কিছু বিজুতিৰ বাবেই এই ঘটনা সঘটিত হয়৷ অৱশ্যে এই ঘটনাত কোনো ৰোগীৰ বিশেষ ক্ষতি হোৱা নাই বুলি হাস্পতাল কর্তৃপক্ষই জনাইছে যদিও ভেণ্টিলেচনত থকা কেইবাজনো ৰোগীৰ অৱস্থা শোচনীয় হৈ পৰে বুলি জানিব পৰা গৈছে৷ কিন্তু এক অসমর্থিত সূত্রৰ মতে তিনিজন ক’ভিড আক্রান্ত ৰোগীৰ মৃত্যু হৈছে৷ অৱশ্যে এই তথ্য সদৰী কৰা নাই কর্তৃপক্ষই৷ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি নিশা ক’ভিড ৱার্ডৰ আই চি ইউ কক্ষত সংঘটিত ঘটনাৰ বিষয়ে আজি বুজ লয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ ঘটনাস্থলী পৰিদর্শন কৰি মুখ্যমন্ত্রী সোণোৱালে সাংবাদিকৰ আগত কয় যে এয়া কোনো অগ্ণিকাণ্ডৰ ঘটনা নহয়৷ এখন বৈদ্যুতিক ফেনৰ কিছু বিসংগতি হৈছিল আৰু বিশেষ ক্ষয়–ক্ষতি হোৱা নাই৷ এই বিষয়ত অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, অধীক্ষক ডাঃ প্রশান্ত দিহিঙীয়া, চিকিৎসক, নার্ছ আৰু চিকিৎসাকর্মীৰ স’তে আলোচনা কৰি স্পষ্ট হৈছোঁ৷
অক্সিজেন প্লাণ্ট পৰিদর্শন মুখ্যমন্ত্রী সোণোৱালৰ
অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুনকৈ মুকলি কৰা অক্সিজেন প্লাণ্ট দুটা আজি পৰিদর্শন কৰে মুখ্যমন্ত্রী সোণোৱালে৷অসমতো যাতে অক্সিজেনৰ অভাৱত ভয়াৱহ পৰিস্থিতি স্বৃষ্টি নহয় আৰু ৰোগীয়ে অক্সিজেনৰ অভাৱত অকালতে মৃত্যুবৰণ কৰিব লগা নহয়, তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে এই অক্সিজেন প্লাণ্টৰ উৎপাদন বঢ়াবলৈ চিন্তা–চর্চা কৰি থকা হৈছে৷ অইলে সহায়–সহযোগ কৰাৰ কথা কৈছে৷ অহা তিনি মাহলৈ অক্সিজেনৰ নাটনি নহয়৷ আমি ইয়াৰ আন্তঃগাঁথনি টনকিয়াল কৰাৰ ক্ষেত্রতো গুৰুত্ব আৰোপ কৰা হৈছে৷ জেনেৰেচন প্লাণ্ট, কনচেনড্রেটৰ, ষ্টৰেজ আদিৰ ক্ষেত্রতো গুৰুত্ব দিয়া হ’ব৷ কালি ৮৭ হাজাৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰাৰ বিপৰীতে ৪.৩ শতাংশহে পজিটিভ ৰোগী পোৱা গৈছে বুলি মুখ্যমন্ত্রী সোণোৱালে উল্লেখ কৰি কয় যে গুৱাহাটীত এতিয়াও বহিঃৰাজ্যৰ পৰা বিমানেৰে যাত্রী আহিয়েই আছে৷ সেয়ে গুৱাহাটীত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ তেওঁ লগতে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত বর্তমান চিকিৎসাধীন হৈ থকা ৰোগীসকল যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ কর্তৃপক্ষক আহ্বান জনায়৷

You might also like