নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

UPSC ত বিশেষ আৰক্ষী সঞ্চালকপ্রধান জিপি সিঙৰ কন্যা ঐশ্বর্য সিঙৰ সফলতা

শুকুৰবাৰে কেন্দ্রীয় লোকসেৱা আয়োগ, চমুকৈ ইউ পি এছ চিৰ অসামৰিক সেৱাৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ ঘোষিত ফলাফল অনুসৰি ৭৬১গৰাকী পৰীক্ষার্থী উত্তীর্ণ হৈছে৷ ইয়াৰ ভিতৰত ৫৪৫ পুৰুষ আৰু ২১৬ মহিলা পৰীক্ষার্থী৷

ইয়াৰে ভিতৰত অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান জি পি সিঙৰ কন্যা ঐশ্বর্য সিঙে ৯৭সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ কন্যাৰ এই সফলতা অর্জনৰ কথা টুইটাৰযোগে সদৰী কৰে পিতৃ জি পি সিঙে৷

কন্যাৰ এই সাফল্যত আনন্দিত বিশেষ সঞ্চালকপ্রধান জি পি সিঙে টুইটাৰযোগে এই খবৰ ভাগ বতৰা কৰে।

You might also like