নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰৰ সকীয়নি

দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰ চাপৰিত বৃহস্পতিবাৰে প্রশাসনৰ উচ্ছেদ অভিযানৰ সময়ত বেদখলকাৰীয়ে আৰক্ষীক আক্রমণ কৰি যি বার্তা প্রেৰণ কৰিছে, সেই বার্তাই অসমৰ ভৱিষ্যতৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে৷ ছিপাঝাৰৰ ধলপুৰ চাপৰিত প্রায় ৭৭ হাজাৰ বিঘা ভূমি সন্দেহযুক্ত অবৈধ নাগৰিকে বেদখল কৰি অহা বুলি দীর্ঘদিন ধৰি অভিযোগ উত্থাপন হৈ আহিছিল৷ প্রায় তিনি দশকজুৰি অঞ্চলটোৰ খিলঞ্জীয়া লোকসকলে এই বেদখল উচ্ছেদৰ দাবী জনাই আহিছিল৷ আনকি চৰকাৰীভাৱে ঘোষিত চৰণীয়া পথাৰত হোৱা বেদখলৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থও হৈছিল স্থানীয় খিলঞ্জীয়া গো–পালকসকল৷ কিন্তু বিগত কংগ্রেছ চৰকাৰৰ সময়ছোৱাত সংখ্যালঘু ভোটবেংকত আঘাত হোৱাৰ আশংকাত কোনোদিনে ধলপুৰত কার্যতঃ উচ্ছেদ নহ’ল৷ ন্যায়ালয়ৰ নির্দেশত দৰং জিলা প্রশাসনে বিগত সময়ত কেইবাবাৰো ধলপুৰত উচ্ছেদ অভিযান চলায় যদিও এই উচ্ছেদৰ পাছত পুনৰ ৬ স্থানত বেদখলকাৰীসকলে সুৰক্ষিতভাৱে বসবাস কৰি আহিবলৈ সক্ষম হ’ল৷ ধলপুৰৰ উচ্ছেদক লৈ ৰাজনীতি ইতিমধ্যে বহুত হ’ল৷ কিন্তু বাস্তৱ ক্ষেত্রত খিলঞ্জীয়াৰ স্বার্থ সুৰক্ষিত কৰাৰ বাবে কোনো কার্যকৰী ব্যৱস্থাহে গ্রহণ কৰা দেখা নগ’ল৷ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনে কার্যভাৰ গ্রহণ কৰাৰ পাছতে ধলপুৰৰ বেদখলকাৰীক উচ্ছেদ কৰাৰ ঘোষণা কৰে৷ আনকি মুখ্যমন্ত্রী নিজে বেদখলকাৰীৰ কবলত পৰা ঐতিহাসিক ধলপুৰ শিৱ মন্দিৰত উপস্থিত হৈ মন্দিৰটো পুনৰ নির্মাণৰ ব্যৱস্থা গ্রহণ কৰে৷ ইয়াৰ উপৰি মুখ্যমন্ত্রীয়ে ধলপুৰৰ সমীপৱর্তী গৰুখুঁটিত স্থানীয় নিবনুৱা যুৱক–যুৱতীসকলক্ লৈ সমবায় ভিত্তিত এখন কৃষি পাম স্থাপনৰ ঘোষণা কৰে৷ ইতিমধ্যে ৰাজ্যিক কেবিনেটে গৰুখুঁটি কৃষি প্রকল্প নামেৰে এই কৃষি পাম গঠন কৰি বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত এখন কমিটী গঠন কৰে আৰু ধলপুৰৰ বেদখল উচ্ছেদিত ভূমি গৰুখুঁটি প্রকল্পৰ জৰিয়তে স্থানীয় যুৱকৰ সংস্থাপনৰ বাবে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইতিমধ্যে গৰুখুঁটি কৃষি প্রকল্পই উচ্ছেদিত ভূমিত প্রাৰম্ভিক কাম–কাজ আৰম্ভ কৰিছে৷ উল্লেখ্য যে মুখ্যমন্ত্রীৰ ঘোষণা অনুসৰি হোৱা প্রথমটো উচ্ছেদ অভিযানত বেদখলকাৰীসকলক উচ্ছেদ কৰি প্রায় ৪ হাজাৰ বিঘা ভূমি মুক্ত কৰাৰ পাছত বৃহস্পতিবাৰে দ্বিতীয় অভিযান চলোৱাৰ সময়তে দৰং জিলা প্রশাসনক তীব্র প্রত্যাহ্বান জনায় বেদখলকাৰীসকলে৷ প্রায় ৪–৫ হাজাৰ বেদখলকাৰী একত্রিত হৈ উচ্ছেদ অভিযানত যোৱা প্রশাসন আৰু আৰক্ষীৰ লোকসকলক যাঠী–জোং লৈ আক্রমণ কৰাত আঠজনকৈ আৰক্ষী গুৰুতৰভাৱে আহত হয়৷
ধলপুৰত বেদখলকাৰীক আৰক্ষীয়ে চলোৱা আক্রমণ প্রতিৰোধত আৰক্ষীৰ গুলীচালনাত দুজনকৈ বেদখলকাৰীৰ মৃত্যু হয়৷ এই মৃত্যুক লৈ ইতিমধ্যে উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি৷ এই সন্দেহযুক্ত বেদখলকাৰীসকলৰ পক্ষত থিয় দিছে ৰাজনৈতিক দলসমূহো৷ কিন্তু ধলপুৰৰ উচ্ছেদৰ সময়ত সংঘটিত ঘটনাই ৰাজ্যখনলৈ এক অশুভ বার্তা প্রেৰণ কৰিছে৷ যি বেদখলীকৃত কৃষিভূমি উচ্ছেদৰ জৰিয়তে বেদখলমুক্ত কৰি স্থানীয় যুৱকৰে গঠন কৰা কৃষি পামত ব্যৱহাৰ কৰাৰ উদ্যোগ গ্রহণ কৰা হৈছিল, তেনে ব্যৱস্থা যাতে কার্যকৰী নহয়, তাৰ বাবে প্রতিৰোধ জনোৱা হৈছে ধলপুৰৰ উচ্ছেদ অভিযানক৷ ইয়াৰ জৰিয়তে সন্দেহযুক্ত বাংলাদেশী নাগৰিকসকলে প্রয়োজনত যে খিলঞ্জীয়া অসমীয়া যুৱকৰ সংস্থাপনৰ ব্যৱস্থাকো বাধা দিব পাৰে, সেয়া প্রমাণ কৰিব বিচৰা হৈছে৷ বিগত সময়ত খিলঞ্জীয়াৰ স্বার্থ বিঘ্ণিত হ’লেও সংখ্যালঘু ভোটবেংকৰ স্বার্থতেই কংগ্রেছ চৰকাৰসমূহে যে ধলপুৰত উচ্ছেদ চলোৱা নাছিল, সেয়া এতিয়া জলজল–পটপটকৈ ওলাই পৰিছে৷ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ধলপুৰত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি কৰা ঘোষণাই খিলঞ্জীয়া লোকসকলৰ মনত আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্য চৰকাৰৰ এনে বলিষ্ঠ তথা সাহসী পদক্ষেপে অসমীয়া খিলঞ্জীয়া যুৱকসকলক প্রেৰণা যোগাইছে৷ এনে সাহসী পদক্ষেপ অবিহনে সন্দেহযুক্ত নাগৰিকৰ দখলত থকা চৰকাৰী ভূমি বেদখলমুক্ত কৰা কোনো কাৰণতে সম্ভৱ নহয়৷ এনেদৰে ৰাজ্যৰ ভিন্ন প্রান্তত বেদখল হৈ থকা কৃষিভূমিসমূহ বেদখলমুক্ত কৰি গৰুখুঁটি প্রকল্পৰ লেখীয়া খিলঞ্জীয়া যুৱকৰ সংস্থাপনৰ বাবে ব্যৱহাৰ কৰিলে, সেয়া ৰাজ্যখনৰ অর্থনীতিৰ বাবে হ’ব এক আদৰণীয় পদক্ষেপ৷ সেই বাবেই এতিয়া ধলপুৰৰ পৰা বেদখলকাৰীয়ে যি বার্তা প্রেৰণ কৰিছে, সেই বার্তা তথা ষড়যন্ত্র ওফৰাই ৰাজ্য চৰকাৰে ৰাজ্যখনৰ কৃষিভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্রত শক্তিশালী পদক্ষেপ গ্রহণ কৰাৰ সময় আহি পৰিছে৷

You might also like