নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুৰ উপত্যকা ডকমকা! মহিলাসহ এজন লোকক হানি-খুচি হত্যা

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ পুনৰ মৃত্যু উপত্যকালৈ পৰিণত হৈছে কাৰ্বি আংলঙৰ ডকমকা।ডাইনী সন্দেহত দুজন লোকক হানি-খুচি হত্যা। মহিলাগৰাকীক হত্যা নকৰিবলৈ বাধা দিয়া এজন শিক্ষককো হত্যা কৰিলে একাংশ উন্মত্ত ৰাইজে। কেৱল সেয়াই নহয় মৃত্যু পিছত শিৰচ্ছেদ কৰি জ্বলাই দিয়ে মৃতদেহ। মৃতদেহ দুটা চোঁচৰাই নি এখন পাহাৰৰ ওপৰত জ্বলাই দি পৈশাচিক আনন্দ লাভ কৰে উন্মাদলোকসকলে। এগৰাকী মহিলাৰ মৃত্যুৰ কাৰণ হিচাপে জগৰীয়া কৰিছিল আন এগৰাকী মহিলাক। মৃত মহিলাগৰাকীৰ গাত ডাইনী লম্ভা বুলি সন্দেহ কৰি এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে।

এই ঘটনাসন্দৰ্ভত ৯জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আনহাতে এই সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

You might also like