নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱেগিক কনিষ্ঠ ভাতৃ সুশান্ত বিশ্বই ক’লেঃ মুখ্যমন্ত্রীৰ নেতৃত্বত সর্বদিশত আগুৱাব অসমে

নিয়মীয়া বাৰ্তা, ৮ জুনঃ এগৰাকী চৰকাৰৰ মুৰব্বী আৰু আনগৰাকীৰ কান্ধত এখন জিলাৰ আইন–শৃংখলাৰ গুৰুত্বপূর্ণ দায়িত্ব৷ কিন্তু সম্পর্কত দুয়োগৰাকী সহোদৰ ভাতৃ৷ জ্যেষ্ঠ ভাতৃ মুখ্যমন্ত্রী আৰু কনিষ্ঠজন দৰঙৰ আৰক্ষী অধীক্ষক৷ কিন্তু সোমবাৰে যেন উজ্জীৱিত হৈ পৰিল সেই সম্পর্ক৷

উল্লেখ্য যে সোমবাৰে ধলপুৰৰ ঐতিহাসিক শিৱ মন্দিৰ পর্যবেক্ষণ কৰিবলৈ ছিপাঝাৰলৈ আহিছিল অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মুখ্যমন্ত্রীৰ আগমনক কেন্দ্র কৰি ব্যস্ততাৰ যেন অন্ত নাই জিলা প্রশাসন আৰু আৰক্ষী বিভাগৰ৷ বিশেষকৈ আৰক্ষী অধীক্ষকগৰাকীয়ে নিয়ন্ত্রণ কৰিব লগা হৈছে মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ সকলো ব্যৱস্থা৷ মুখ্যমন্ত্রীৰ লগতে যেন সর্বসাধাৰণ ৰাইজৰো চকু আছিল আৰক্ষী অধীক্ষকগৰাকীৰ ওপৰত৷ হেলিপেডত অৱতৰণ কৰাৰ লগে লগে নিয়মমাফিক অভিবাদন জনালে জ্যেষ্ঠ ভাতৃক৷ একেদৰে ধলপুৰ মন্দিৰত উপস্থিত হৈও মন্দিৰ উন্নয়নকে ধৰি বিভিন্ন পৰামর্শ আগবঢ়ালে আৰক্ষী অধীক্ষকক৷ মূৰ দুপিয়াই জনালে সমর্থনো৷ প্রট’কল মতেই বিদায়ৰ সময়তো জনালে সম্ভাষণ৷

ইফালে, সোমবাৰৰ এই পৰিৱেশ সকলোৰে বাবে উৎসুকতাৰ কাৰণ হোৱাৰ সমান্তৰালকৈ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাকো কৰি তুলিলে আৱেগিক৷ অৱশ্যে জ্যেষ্ঠ ভাতৃ হ’লেও প্রট’কল অনুসৰি অভিবাদন জনোৱাটো দায়িত্ব বুলি প্রকাশ কৰিও জ্যেষ্ঠ ভাতৃ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ মুহূর্তটো এক স্বর্গীয় সুখানুভূতিও বুলি প্রকাশ কৰিলে আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীগৰাকীৰ নেতৃত্বত অসম সর্বদিশত আগবাঢ়িব বুলিও প্রকাশ কৰিলে ‘নিয়মীয়া বার্তা’ৰ সন্মুখত৷

ইফালে লক্ষণীয় কথাটো হ’ল মুখ্যমন্ত্রীগৰাকীৰ আগমনৰ প্রায় এসপ্তাহ পূর্বে আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মা ধলপুৰলৈ গৈ বেদখলকাৰীক মন্দিৰৰ ভূমি এৰিবলৈ সকীয়াই দিছিল৷ আনকি নিজৰ ঘৰ–দুৱাৰ ভাঙি নিজেই স্থান পৰিত্যাগ কৰিছিল বেদখলকাৰীয়ে৷ আকৌ তাৰ পাছত সোমবাৰে মুখ্যমন্ত্রীৰ আগমন৷ প্রশাসন আৰু চৰকাৰৰ যোগসূত্র থাকিলেও দুয়ো ভাতৃয়ে ধলপুৰৰ ক্ষেত্রত গ্রহণ কৰা পদক্ষেপক বিশেষভাৱে শলাগ লৈছে মন্দিৰ পৰিচালনা সমিতিয়ে৷ সাোমবাৰৰ দিনটোত বিশেষভাৱে চর্চিত হৈ থাকিল এই দুই সহোদৰ৷ দুই ভাতৃৰ পদক্ষেপতে ধলপুৰে নতুন ৰূপ পাব বুলিও আশা স্থানীয় ৰাইজৰ৷

You might also like