নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কবৰস্থান চৌহদত বেদখলকাৰীৰ ড্রাগছৰ অবৈধ বেহা

নিয়মীয়া বাৰ্তা ৮ জুনঃ  ৰাজ্যৰ একাংশ ধর্মীয় অনুষ্ঠান এতিয়া বেদখলকাৰীৰ ক্বলত পৰিছে৷ চৰকাৰী ভূমিৰ লগতে ধর্মীয় অনুষ্ঠানৰ ভূমিত ঘৰ–দুৱাৰ সাজি একাংশ লোকে বে–আইনীভাৱে বসবাস কৰি ধর্মীয় পৰম্পৰা তথা ৰীতি–নীতিত আঘাত হানিছে৷ ৰাজ্যৰ বিভিন্ন প্রান্তত থকা শ শ বিঘা সত্রৰ ভূমিত বেদখলকাৰীয়ে বসতি স্থাপন কৰাৰ পিছত এইবাৰ গুৱাহাটী মহানগৰীৰ আঠগাঁওস্থিত প্রায় ৪০০ বছৰ পুৰণি ক্বৰস্থানত ভূমি বেদখলকাৰীৰ ক্বলত পৰিছে৷ ব্যৱসায়ৰ অচিলাৰে বহিঃৰাজ্যৰ পৰা অহা একাংশ লোকে ক্বৰস্থানৰ ভূমি বেদখল কৰি বসতি স্থাপন কৰিছে৷ কেৱল সেয়াই নহয়, ক্বৰস্থানৰ ভূমিত বসতি স্থাপন কৰা একাংশই ক্বৰস্থান চৌহদত বেআইনী কার্যকলাপ চলাই ধর্মীয় পৰম্পৰাত আঘাত হনা বুলি কবৰস্থান পৰিচালনা সমিতিৰ সম্পাদক মোহাম্মদ মর্তুজাই জানিবলৈ দিছে৷ তেওঁ কয় যে ঐতিহাসিক আঠগাঁও ক্বৰস্থানৰ ভূমিত যোৱা ৩০–৪০ বছৰ পূর্বৰে পৰা উত্তৰ প্রদেশ আৰু বিহাৰৰ পৰা অহা ৭০–৮০টা পৰিয়ালে ঘৰ–দুৱাৰ সাজি বাস কৰি আছে৷ ক্বৰস্থান পৰিচালনা সমিতিয়ে পৰিত্যক্ত ভূমিত দোকান–পোহাৰ কৰিবলৈ অনুমতি প্রদান কৰাৰ সুযোগ গ্রহণ কৰি পৰিয়ালকেইটাই পৰৱর্তী সময়ত ক্বৰস্থানৰ ভূমিত ঘৰ–দুৱাৰ সাজি বসতি স্থাপন কৰে৷

সেৱল সেয়াই নহয়, ক্বৰস্থানৰ ভূমিত আশ্রয় লৈ এইসকলৰ একাংশই মুকলিভাৱে ড্রাগ্ছ, সুৰা আৰু গাঞ্জাৰ বেহা চলাই আহিছে৷ ক্বৰস্থানৰ ভূমিত ড্রাগ্ছৰ বেহা চলাই ২০১১ চনত কেইবাজনো জেললৈ যাবলগীয়া হৈছিল যদিও আইনৰ সুৰুঙা লৈ মুকলি হৈ পুনৰ একেই কার্যকলাপ আৰম্ভ কৰিছে৷ এই সন্দর্ভত ক্বৰস্থান পৰিচালনা সমিতিয়ে ২০১৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন জনায়৷ সেই অনুসৰি জিলা প্রশাসনে ক্বৰস্থানৰ ভূমিত চৰজমিন তদন্ত কৰি অবৈধভাৱে বাস কৰা পৰিয়ালকেইটাক উচ্ছেদ কৰা হ’ব বুলি সমিতিক আশ্বাস দিয়ে যদিও আজি পর্যন্ত সেয়া কার্যকৰী হোৱা নাই বুলি মর্তুজাই জানিবলৈ দিছে৷ ইপিনে ক্বৰস্থান পৰিচালনা সমিতিয়ে অনুমতি দিয়া দোকান–পোহাৰৰ সুযোগ গ্রহণ কৰি একাংশই টিনপাতেৰে চাল ঘৰ সাজিছে৷ অবৈধভাৱে চালিঘৰ নির্মাণ কৰাত বাধা আৰোপ কৰাত সমিতিৰ লোকসকলক বেদখলকাৰীয়ে ভাবুকি দিয়ে৷ এই লৈ ক্বৰস্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত একাংশই পৰিচালনা সমিতিৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ আনহাতে, ক্বৰস্থানৰ ভূমিত থকা ১১২খন দোকানৰ ভাৰাও এইসকলে পৰিচালনা সমিতিক আদায় নিদিয়া বুলি সম্পাদক মুর্তাজাই জানিবলৈ দিয়ে৷

You might also like