নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত পুনৰ কর্মৰত চিকিৎসকক প্রহাৰৰ ঘটনাঃ খাৰুপেটীয়াত চিকিৎসকক আক্রমণ যুৱ কংগ্রেছী আমিনৰ

নিয়মীয়া বাৰ্তা, ৮ জুনঃ কেইদিনমান পূর্বে হোজাইৰ উদালিত চিকিৎসকৰ ওপৰত হোৱা আক্রমণৰ ঘটনাৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই অনুৰূপ ঘটনা সংঘটিত হল দৰঙৰ খাৰুপেটীয়াত৷ চিকিৎসকৰ ওপৰত আক্রমণ কৰাৰ লগতে মহিলাৰ ওপৰতো হাত দিয়াৰ   ধৃষ্টতা দেখুৱালে যুৱ নেতা নামধাৰী এজন উদণ্ড যুৱকে৷

জানিব পৰা মতে, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কর্মৰত ডাঃ আহমেদ আলী নামৰ চিকিৎসকগৰাকীয়ে কালি (দেওবাৰে) সন্ধিয়া খাৰুপেটীয়াৰ নিমতলী এলেকাত ‘আফ্রিন হেল্থ কেয়াৰ চেণ্টাৰ’ত চিকিৎসা প্রদান কৰি আছিল৷ সেই অৱস্থাত এগৰাকী ৰোগীৰ চিকিৎসা কৰাবলৈ নিজকে জিলা যুৱ কংগ্রেছৰ সাধাৰণ সম্পাদক বুুুলি পৰিচয় দিয়া ৰাহুল আমিন নামৰ যুৱকজন আৰু এজনী যুৱতী উপস্থিত হয় উক্ত স্থানত৷

চিকিৎসকগৰাকীয়ে সেই সময়ত আন এগৰাকী ৰোগী চাই থকাত তেওঁক অপেক্ষা কৰিবলৈ কয়৷ অভিযোগ মতে, কিছু সময় পাছতেই তেওঁৰ ৰোগীক চোৱাৰ দাবীৰে উদ্ভণ্ডালি আৰম্ভ কৰে ৰাহুল আমিনে৷ অশ্লীল গালি–গালাজৰ লগতে চিকিৎসকগৰাকীক শাৰীৰিকভাৱে প্রহাৰ কৰে৷ উক্ত কামত বাধা দিবলৈ আগবাঢ়ি অহা চিকিৎসকৰ পত্নীৰ ওপৰতো আক্রমণ কৰে জিলা যুৱ কংগ্রেছৰ নেতাজনে৷ ঘটনাৰ খবৰ পাই স্থানীয় ৰাইজ আৰু খাৰুপেটীয়া থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হোৱাত ৰাহুল আমিন আৰু যুৱতীগৰাকী পলায়ন কৰে৷

ঘটনা সংক্রান্তত ৰাহুল আমিন আৰু পিংকি বেগমৰ বিৰুদ্ধে খাৰুপেটীয়া আৰক্ষী থানাত ভুক্তভোগী চিকিৎসকজনে এজাহাৰ দাাখিল কৰা বুলি জনা গৈছে৷ ইফালে, কর্মৰত অৱস্থাত চিকিৎসকৰ ওপৰত চলা আক্রমণক মানৱ অধিকাৰৰ ওপৰত আক্রমণ বুলি তীব্র ভাষাৰে গৰিহণা দিছে বিভিন্ন দল–সংগঠনে৷ দোষীক শীঘ্রেই গ্রেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজ, ভুক্তভোগী পৰিয়ালৰ লগতে বিভিন্ন দল–সংগঠনে৷

You might also like