ট্ৰফী লৈ পলাল মহছিন ! জয়ৰ পিছতো পাকিস্তানৰ মন্ত্ৰীৰ পৰা ট্ৰফী নল’লে ভাৰতীয় দলে
নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : আকৌ এবাৰ পাকিস্তানক পৰাস্ত কৰি ভাৰতে দেখুৱালে নিজৰ সক্ষমতা। ২০২৫ চনৰ এছিয়া কাপত ভাৰতে একেৰাহে তৃতীয়বাৰৰ বাবে পাকিস্তানক পৰাস্ত কৰিলে। এছিয়া কাপৰ লীগ মেচ আৰু ছুপাৰ ফোৰত পৰাস্ত হোৱাৰ পিছত চিৰবৈৰী পাকিস্তানক পুনৰ ফাইনেলত পৰাস্ত কৰিলে ভাৰতে। পাকিস্তানৰ বাবে এফালে পৰাজয়ৰ বিষাদ, আনফালে অপমান!
এছিয়া কাপৰ ফাইনেলত জয়ৰ পিছত ভাৰতীয় দলটোৱে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ তথা এছিয়ান ক্ৰিকেট পৰিষদৰ সভাপতি মহছিন নকভিৰ পৰা ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। এই কথাত হতাশ হৈ নকভিয়ে এছিয়া কাপৰ ট্ৰফী আৰু সকলো ক্ৰিকেটাৰৰ পদক লৈ নিজৰ হোটেলৰ কোঠালৈ গুচি যায়।
“চেম্পিয়ন দলক ট্রফী দিয়া নহ’ল। মোৰ ইমান দিনৰ ক্রিকেট কেৰিয়াৰত কেতিয়াও এনে দৃশ্য দেখা নাই।” — ট্ৰফী জয়ৰ পিছত আক্ষেপৰ সুৰত ক’লে ভাৰতৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ। তাৰ পিছতে তেওঁ আৰু কয়- “আমাৰ ট্রফী ড্ৰেছিং ৰুমত আছে। আমি পোন্ধৰজন খেলুৱৈ আৰু আমাৰ ছাপোৰ্ট ষ্টাফেই মোৰ বাবে সেই ট্রফী।”
উল্লেখ্য যে কালি এছিয়া কাপ ক্ৰিকেটৰ ফাইনেলত চিৰবৈৰী পাকিস্তানক ভাৰতীয় দলটোৱে পৰাস্ত কৰি আকৌ এবাৰ পোতক তুলিলে। এছিয়া কাপৰ ফাইনেলত ৫ উইকেটত পাকিস্তানক বিধ্বস্ত কৰে টীম ইণ্ডিয়াই। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই জয়ক খেলপথাৰৰ অপাৰেচন সিন্দূৰ বুলি আখ্যা দিয়ে।
ভাৰতীয় বোৰ্ডৰ পৰা আগতেই জনোৱা হৈছিল যে যদিও নকভি এছিয়ান ক্ৰিকেট কাউন্সিলৰ (ACC) সভাপতি, তেওঁ পাক বোৰ্ডৰ চেয়াৰমেন আৰু পাকিস্তানৰ মন্ত্ৰী হোৱা বাবে তেওঁৰ পৰা ভাৰতীয় দলে ট্রফী গ্ৰহণ নকৰে।
নকভিৰ এই কাৰ্যকলাপত ক্ষুব্ধ হৈ এতিয়া ভাৰতীয় ক্রিকেট বোৰ্ডে আই চি চিত (ICC) নকভিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ সিদ্ধান্ত লৈছে।
তদুপৰি এছিয়া কাপ-২০২৫ৰ খিতাপ দখল কৰাৰ পাছতে টীম ইণ্ডিয়াৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে এক বিশেষ পদক্ষেপৰ কথা ঘোষণা কৰে। সূৰ্য কুমাৰে ঘোষণা কৰে যে এইবাৰ এছিয়া কাপত লাভ কৰা সকলো ধনৰাশি ভাৰতীয় সেনা আৰু পেহেলগামত নিহতৰ পৰিয়াললৈ আগবঢ়াব। এছিয়া কাপৰ ফাইনেলত জয় লাভ কৰাৰ পাছতে এই ঘোষণা কৰে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে।
মেচৰ ‘প্লেয়াৰ অৱ দ্য মেচ’ তিলক বর্মা, ‘প্লেয়াৰ অৱ দ্য টুৰ্নামেন্ট’ অভিষেক শৰ্মা আৰু ‘গেমচেঞ্জাৰ’ কুলদীপ যাদৱ— এইসকলে নিজৰ ব্যক্তিগত বঁটা লৈ গ’লেও মঞ্চত নকভিৰ উপস্থিতিক একেবাৰে উপেক্ষা কৰে।
অৱশ্যে ট্ৰফী নোপোৱা সত্ত্বেও সূৰ্যকুমাৰৰ দলে বিজয়োৎসৱ একে ধৰণে উদযাপন কৰে, যিদৰে ২০২৪-ৰ T20 বিশ্বকাপ জিকি ৰোহিত শৰ্মাৰ দলে কৰিছিল। যদিও হাতত কোনো ট্ৰফী নাছিল।
ব’ৰ্ডৰ সচিব দেৱজিত শইকীয়াই কয়- “আমি আগতে ঠিক কৰিছিলোঁ যে নকভিৰ পৰা ট্রফী ল’ব নালাগে। কিন্তু তাৰ মানে এইটো নহয় যে তেওঁ ট্রফী লৈ পলাই যাব। আমি আশা কৰোঁ, সোনকালেই ট্রফী আৰু মেডেলসমূহ ভাৰতক ওভতাই দিয়া হ’ব।”