নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰৰ সকলো জনগোষ্ঠীৰ উন্নয়নৰ বাবে গঠন কৰা হ’ব ব’ৰ্ড

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ আমি চৰকাৰ গঠনৰ পিছত জনসাধাৰণৰ হিতার্থে কেইবাটাও জনকল্যাণমূলক আঁচনি ইতিমধ্যে ঘোষণা কৰিছো আৰু চৰকাৰ গঠনৰ পিছতেই বহু চিন্তা–চর্চা কৰি কিছুমান আঁচনি লোৱা হৈছে৷ এই মন্তব্য বিটিটিৰ মুখ্য কার্যবাহী প্রধান প্রমোদ বড়োৰ৷ আজি বিয়লি কোকৰাঝাৰত এখন সংবাদ মেলত প্রমোদ বড়োৱে লগতে কয় যে যোৱা সোতৰটা বছৰত যোগান আৰু সূতা–কম্বলৰ নামত অধিক উন্নয়নৰ ধন খৰচ হৈছে৷ গতিকে এইবাৰ কাম কৰাৰ ধৰণ আমি সলনি কৰিব বিচাৰিছোঁ৷ জনসাধাৰণৰ লাভ হোৱা আঁচনি গ্রহণৰ বিচাৰ–বিবেচনা কৰিছোঁ৷ ঘোষিত আঁচনিসমূহৰ কাম–কাজ ইতিমধ্যে বিভিন্ন অঞ্চলত ৰূপায়ণ কৰি থকা হৈছে৷ সেইমর্মে পৰিষদীয় চৰকাৰৰ তৰফৰ পৰা অনছুংথাই নামৰ এখন আঁচনি ঘোষণা কৰা হৈছিল আৰু উক্ত আঁচনিৰ অধীনত বিশেষভাৱে সক্ষম, জ্যেষ্ঠ নাগৰিক, যিসকল ছাত্র–ছাত্রী মেধাৱী কিন্তু আর্থিকভাৱে দুর্বল তেওঁলোকক আর্থিক সাহায্য প্রদানৰ দিহা কৰা হৈছে৷

তেনেদৰে শিক্ষিত নিৱনুৱা তথা দৰিদ্র লোকসকলে যাতে জীৱিকা নির্বাহৰ পথ পাব পাৰে তাৰ প্রতি লক্ষ্য ৰাখি চলিত বর্ষত বিটিআৰ অঞ্চলত এশখন ই–ৰিস্কা প্রদান, বিটিআৰ অঞ্চলৰ আত্মসহায়ক গোটসমূহলৈ ত্রিশ হেজাৰ টকাৰ এককালীন অর্থ সাহায্য, মৎস্য পালকসকলৰ বাবে বায়’ফক আৰু এক লাখ টকাৰ আর্থিক সাহায্য,বডোলেণ্ড অঞ্চাই যোজনাৰ অধীনত গোষ্ঠী সংঘাতৰ বলি হোৱা প্রতিটো পৰিয়াললৈ দহ হাজাৰ টকাৰ সাহায্য, বডোলেণ্ড আত্মনির্ভৰ যোজনাৰ অধীনত প্রতিটো ভিচিডিচিত চাৰিশখনকৈ চিয়াৰ আৰু মাইক ছেট,বডোলেণ্ড গৰীৱ কল্যাণ যোজনাৰ অধীনত ঠেলা, ৰিস্কা চালক, খৰি বিক্রেতা, শাক–পাচলি বিক্রেতাসকলৰ বাবে দহ হাজাৰকৈ টকা, প্রতিটো ভিচিডিচিত কণী উমনি দিয়াৰ উদ্দেশ্যৰে দুটাকৈ লেয়াৰ ফার্ম স্থাপনৰ পৰিকল্পনা কৰা হৈছে আৰু তাৰ বাবে দুটা লেয়াৰ ফার্মৰ বাবদ প্রতিটোলৈ এক লাখকৈ টকা দিয়া হ’ব৷ বডোলেণ্ড যুৱ বিকাশ যোজনাৰ অধীনত ক্রীডা সামগ্রী বিতৰণৰ পৰিকল্পনা, প্রব্রজিত শ্রমিকৰ বাবে দহ হাজাৰ টকাৰ সাহায্য,বডোলেণ্ড স্বানশ্বৌৰাং বিথাংখিৰ অধীনত প্রতিটো ভিচিডিচিত সৌৰশক্তিচালিত পোহৰৰ ব্যৱস্থা,বডোলেণ্ড ফৌনাংজাৱ বিথাংখিৰ অধীনত গাঁওবুঢ়াসকললৈ বিনামূলীয়া ম’বাইল ফোন,বডোলেণ্ড গ্রাম প্রসাৰী যোজনা মর্মে ভিডিপিলৈ দুহেজাৰ টকাৰ আর্থিক সাহায্য আৰু সকলো জনগোষ্ঠীৰ উন্নয়নৰ বাবে উন্নয়ন বোর্ড গঠনৰ সিদ্ধান্ত লোৱা হৈছে বুলি সংবাদ মেলত জানিবলৈ দিয়ে প্রমোদ বডোৱে৷

You might also like