নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি এবছৰ : ক’ত হেৰাল অসমীয়াৰ মৰমৰ শিল্পী ৰমেন বৰুৱা

🔹 শিল্পীগৰাকী উভতি অহাৰ আশাৰে আজি লতাশিলত ‘যুগমীয়া’

বিশেষ বাৰ্তা, ২২ জুলাই : বুকুত বহু ক্ষোভ-হতাশা বান্ধি নীৰৱে এদিন তেওঁ অন্তর্ধান হৈ পৰিছিল৷ অসমীয়া সংগীতৰ ক্ষেত্রখনক এক গতি প্রদান কৰা বিশিষ্ট শিল্পী ৰমেন বৰুৱা অন্তর্ধান হোৱা আজি এবছৰ হ’ল৷ ২০২৪ বর্ষৰ ২২ জুলাইৰ পুৱা নীৰৱে ওলাই যোৱা অন্তর্মুখী শিল্পীগৰাকীৰ এই পদক্ষেপ আজিও বহুজনৰ বাবে এক নুবুজা সাঁথৰ৷ কিন্তু অন্তঃকৰণেৰে সকলোৱে বিচাৰে শিল্পীগৰাকী পুনৰ উভতি আহক, শব্দৰ মালিতাৰে অমিয়া সুৰৰ গুঞ্জন তোলক৷

শিল্পীগৰাকী পুনৰ উভতি অহাৰ আহ্বানেৰে আজি সদৌ গুৱাহাটী ছাত্র সন্থা, লতাশিল গণেশ মন্দিৰ উন্নয়ন সমিতি আৰু অনুৰাগী সমাজৰ যৌথ উদ্যোগত লতাশিল খেলপথাৰত আয়োজন কৰা হৈছে ‘যুগমীয়া’ শীর্ষক বিশেষ অনুষ্ঠানৰ৷ য’তেই নাথাকক কিয়, পুনৰ ঘৰলৈ উভতি আহি সৃষ্টিশীল জীৱনত মনোনিৱেশ কৰিবলৈ শিল্পীগৰাকীক অনুষ্ঠানটোৰ জৰিয়তে আকুল আহ্বান জনাব গুণমুগ্ধসকলে৷ শিল্পীগৰাকীৰ সুৰাৰোপিত গীতসমূহ গুণমুগ্ধই পৰিৱেশন কৰি পুনৰ উভতি অহাৰ আহ্বান জনাব৷ সকলোৰে আশা- ৰহস্যৰ ওৰণি গুচাই চিৰপৰিচিত হাঁহিটোৰে অসমৰ সংগীত ক্ষেত্রখনক পুনৰ জীপাল কৰি তোলক আদৰৰ শিল্পী ৰমেন বৰুৱাই৷

Also read: চেন্ট্ৰেল মেডিকেল ছার্ভিচেছত চাকৰি

You might also like