নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশু কন্যা সৰবৰাহঃ উত্তৰ প্রদেশত অসমৰ দম্পতী আটক

নিয়মীয়া বাৰ্তা, ১২ জুন: অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ অর্থনৈতিকভাৱে দুর্বল শ্রেণীৰ লোকৰ শিশু কন্যাক প্রলোভনেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰা অসাধু চক্র সক্রিয় হৈ আছে৷ অসমৰ দুই শিশু কন্যাক অপহৰণ কৰি নি উত্তৰ প্রদেশৰ লক্ষ্ণৌত অসাধু চক্রক বিক্রী কৰাৰ গোপন তথ্যৰ আধাৰত অসমৰ দম্পতীসহ ৫জনক উত্তৰ প্রদেশ আৰক্ষীয়ে যোৱানিশা গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ লক্ষ্ণৌত শিশু সৰবৰাহকাৰী চক্রটোক উৎখাত কৰি আৰক্ষীয়ে অসমৰ দম্পতীসহ ৫জন লোকক গ্রেপ্তাৰ কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷ এই ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে দুই শিশু কন্যাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ লক্ষ্ণৌ পূর্ব মণ্ডলৰ অতিৰিক্ত উপ–আৰক্ষী আয়ুক্ত কাছিম আবদিয়ে প্রকাশ কৰা মতে বিগত কিছুদিন ধৰি আৰক্ষীয়ে গোপন সূত্রৰ আধাৰত লাভ কৰা তথ্যক লৈ অভিযান চলাই অসমৰ দম্পতীসহ পাঁচজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীৰ শীর্ষ বিষয়াগৰাকীয়ে প্রকাশ কৰা মতে লক্ষ্ণৌৰ বিপুল খান অঞ্চলৰ চাহাৰ দলঙৰ তলৰ পৰা অসমৰ ফাইজুদ্দিন নামৰ শিশু সৰবৰাহকাৰীজনক পত্নীৰ সৈতে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

উক্ত অঞ্চলটোত পত্নীসহ ফাইজুদ্দিনে সন্দেহজনকভাৱে ঘূৰি ফুৰা অৱস্থাতে উত্তৰ প্রদেশৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে আৰু সোধা–পোছাৰ অন্তত ধৃত দম্পতীয়ে শিশু কন্যাক অসমৰ পৰা আনি লক্ষ্ণৌত অসাধু চক্রৰ হাতত গতাই দিয়ে বুলি তথ্য লাভ কৰে৷ অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ অর্থনৈতিকভাৱে দুর্বল শ্রেণীৰ পৰিয়ালৰ শিশু কন্যাক টার্গেট কৰি লয় বুলি ধৃত দম্পতীটোৱে স্বীকাৰ কৰে৷ বহিঃৰাজ্যৰ ডাঙৰ চহৰত ঘৰুৱা সহায়ক হিচাপে কাম কৰাৰ প্রলোভন দি দুর্বল শ্রেণীৰ পৰিয়ালৰ শিশু কন্যাক বহিঃৰাজ্যলৈ লৈ আনে আৰু লক্ষ্ণৌত এক লাখ টকাত বিক্রী কৰি দিয়ে৷

অসাধু চক্রটোৱে এই শিশু কন্যাবোৰক পিছলৈ বেশ্যা বৃত্তিত জড়িত কৰায়৷ ধৃত অসমৰ দম্পতীৰ স্বীকাৰোক্তিৰ আধাৰত গাজীপুৰ অঞ্চলৰ পৰা কাঞ্চন নামৰ মহিলা এগৰাকীৰ লগতে আন দুজন লোকক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ অসমৰ দম্পতীৰ স্বীকাৰোক্তি মতে গাজীপুৰ অঞ্চলৰ কাঞ্চন নামৰ মহিলাগৰাকীৰ হাতত দুই শিশু কন্যাক বিক্রী কৰাৰ চেষ্টা চলাইছিল৷ দাম–দৰ সঠিক নোহোৱা বাবেই দুই শিশুক কাঞ্চনৰ হাতত গতোৱাৰ পূর্বেই আৰক্ষীয়ে কাঞ্চনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

কাঞ্চনৰ সহযোগী মুৰাৰী নগৰৰ ছানী গুপ্তা আৰু লক্ষ্ণৌৰে ইন্দিৰা নগৰৰ ৰাহুল গৌতম নামৰ লোক দুজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ এই চক্রটোৰ আন এজন লোক বর্তমান পলাতক হৈ আছে৷ লক্ষ্ণৌৰ সহকাৰী আৰক্ষী শ্বেতা শ্রীবাস্তৱে প্রকাশ কৰা মতে শিশু সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা দুই শিশু কন্যাক পৰিয়ালৰ সদস্যৰ হাতত গতাবলৈ প্রক্রিয়া আৰম্ভ কৰিছে৷

You might also like