নিয়মীয়া বাৰ্তা, ধুবুৰী, ৯ মে’ : আজিৰ পৰা ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৰঙালী বিহুৰ বিশেষ সাংস্কৃতিক কাৰ্যক্ৰম। উল্লেখ্য যে এইবেলি ৭৭ বৰ্ষত ভৰি দিয়া ধুবুৰী কেন্দ্রীয় ৰঙালী বিহু উদযাপন সমিতিৰ বিহুৰ এই বিশেষ কাৰ্যসূচীৰ বিগত ১৪ এপ্ৰিলৰ দিনা বিহু পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে শুভাৰম্ভ ঘটিছিল। বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সেই সময়ত সম্পূৰ্ণ কাৰ্যসূচী ৰূপায়িত কৰা নহ’লেও আজি আৰু কাইলৈৰ বিশেষ বাৰেৰহণীয়া কাৰ্যসূচীৰে পৰম্পৰাগতভাৱে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ অহা ঐতিহ্যমণ্ডিত এই বিহুমঞ্চখনৰ সম্পূৰ্ণ কাৰ্যসূচী ৰূপায়িত কৰিবলৈ সাজু হৈছে উদ্যোক্তা।
কাৰ্যসূচী অনুসৰি আজি দিনৰ ১০ বজাত অনুষ্ঠিত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জীৱন-দৰ্শনৰ ওপৰত মুকলি প্ৰশ্নোত্তৰ প্ৰতিযোগিতা। পুৱা ১১ বজাৰ পৰা মৌ কুঁৱৰী প্ৰতিযোগিতা। দুপৰীয়া ১ বজাৰ পৰা অনুষ্ঠিত হ’ব সৰু বিহুৱতী প্ৰতিযোগিতা। বিয়লি ৩ বজাৰ পৰা দুটা শাখাত গণশিল্পী ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাৰ পিছত সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীৰে আজিৰ কাৰ্যসূচীৰ সমাপন ঘটিব।
আনহাতে, ১০ মে’ৰ দিনা দিনৰ ১০.৩০ বজাত বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰ পিছত দুপৰীয়া ২ বজাৰ পৰা অনুষ্ঠিত হ’ব অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব ধুবুৰী কেন্দ্রীয় ৰঙালী বিহু উদযাপন সমিতিৰ দীৰ্ঘ ইতিহাস গৰকা স্মৃতিগ্ৰন্থ “সখিয়তী”। নিশা ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া সাংস্কৃতিক সন্ধিয়াৰ বিশেষ কাৰ্যসূচীত আমন্ত্ৰিত অতিথি কণ্ঠশিল্পী নৱনীতা শৰ্মা আৰু ছুনু কাশ্যপৰ গীতৰ শৰাইৰ অন্তত এইবেলিৰ ৰঙালী বিহুৰ সেই বিশেষ কাৰ্যসূচীৰ সমাপন ঘটিব।