নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ শিশু প্ৰতিভা, চুটি ছবিৰে ক’ভিড সজাগতা… লাচিত বৰফুকনক লৈ এনিমেচন ছবি

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ বিশ্বব্যাপী ক’ৰোনা মহামাৰীৰ সংহাৰ অব্যাহত থকাৰ সময়তে  বিজ্ঞ আৰু জ্যেষ্ঠজনৰ দৰেই কণ কণ শিশুৰ মনতো এনে সজাগতামূলক চিন্তা–চর্চাই ঠাই পোৱাটো স্বাভাৱিকতে ইতিবাচক খবৰ ৰূপে পৰিগণিত হৈছে৷ তেজপুৰ চহৰৰ বিষু নগৰৰ অংগৰাগ কাশ্যপ নামৰ ষষ্ঠ শ্রেণীৰ ছাত্র এগৰাকীয়ে নিজে কাহিনী লিখি পৰিচালনা কৰি এখন চুটি ছবি নির্মাণ কৰি মানুহৰ মাজত ক’ভিডৰ ল’বলগীয়া সাৱধানতাৰ সম্পর্কে সজাগতাৰ সৃষ্টি কৰিছে৷

ক’ৰোনাৰ ভয়াৱহতাৰ মাজত আহি পৰা দুর্গা পূজাক লৈ কেনেদৰে ৰাইজে সচেতনতা অৱলম্বন কৰিব লাগিব, কেনেদৰে সকলো নীতি–নির্দেশনাৰ মাজেৰে অনুষ্টুপীয়াকৈ দুর্গা পূজা পালন কৰা উচিত, অসমীয়াই বিহু যিহেতু উদযাপন কৰিব নোৱাৰিলে, সেয়েহে এনে ভয়াৱহ পৰিস্থিতিৰ মাজত দুর্গা পূজা জাকজমককৈ অনুষ্ঠিত কৰা অনুচিত আদি কেতবোৰ গুৰুত্বপূর্ণ প্রশ্ণ উত্থাপনেৰে ‘জীৱন আৰু আনন্দৰ দোমোজাত’ শীর্ষক এখন চুটি ছবি নির্মাণ কৰে৷

ছবিখনত নিজে অভিনয় কৰাৰ লগতে আন সাতটি পৰিচিত শিশুক লৈ অতি সাৱলীল ৰূপত সুন্দৰ দৃশ্য গ্রহণেৰে অলপতে মুকলি কৰা এই চুটি ছবিখনে ইতিমধ্যে সচেতন মহলৰ দৃষ্টি আকর্ষণ কৰা পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে সপ্তম শ্রেণীৰ ছাত্র অনুভৱ পৰাশৰে প্রযোজনা কৰা আৰু অষ্টম শ্রেণীৰ ছাত্র আদর্শ অনুৰাগে দৃশ্যগ্রহণ কৰা এই ছবিখনত অভিনয় কৰিছে ষষ্ঠ শ্রেণীৰ ছাত্রী তানিষ্কা বৰঠাকুৰ, ষষ্ঠ শ্রেণীৰ ছাত্র অংকিত ঠাকুৰীয়া, পঞ্চম শ্রেণীৰ ছাত্র বৈভৱ শর্মা, সপ্তম শ্রেণীৰ ছাত্র হিমজ্যোতি কাশ্যপ আৰু ষষ্ঠ শ্রেণীৰ ছাত্রী কৃষ্টি বৰঠাকুৰে৷

লাচিত বৰফুকনৰ এনিমেচন ছবিৰে উজলিল কণমানি ৰায়হান

একেদৰে এই লকডাউনৰ সময়ছোৱাতে তেজপুৰৰ আর্মী পাব্লিক স্কুলৰ সপ্তম শ্রেণীৰ ছাত্র ৰাইহান ডল্লা দাৰাকে কার্টুন চিত্রৰ জৰিয়তে অসমীয়াৰ জাতিপ্রেম উদ্বেলিত কৰা অসম বুৰঞ্জীৰ অন্যতম কাহিনী লাচিত বৰফুকনৰ কাহিনীক লৈ নির্মাণ কৰি উলিয়ায় ষ্টপম’ছন ভিডিঅ’ অর্থাৎ এনিমেচন কাহিনী৷

লাচিত বৰফুকনৰ সমগ্র জীৱন দর্শন আৰু ইতিহাসৰ পাতত থকা সেই জাতিপ্রেমৰ কাহিনীক সুন্দৰ সংলাপেৰে ছাত্র ৰাইহানে বিভিন্ন চৰিত্রৰ মুখেৰে কার্টুন সংপৃক্ত কৰি নির্মাণ কৰা এই বিশেষ এনিমেচন ছবিখনত বিজ্ঞজনে প্রশংসাৰে ওপচাই পেলাইছে৷ তেজপুৰৰ শিশুসকলৰ এনে সৃজনীমূলক প্রতিভাই যিদৰে প্রশংসিত হৈছে, একেদৰে তেওঁলোকৰ চেষ্টায়ো সমাজক ডপকৃত কৰিব বুলি আশা কৰা হৈছে৷

You might also like