নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্যামকানু-সিদ্ধাৰ্থহঁতৰ হৈ ওকালতি নকৰে অসমৰ অধিবক্তাই !

বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্য তোলপাৰ লগাই থকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনাকাংক্ষিত ঘটনাৰে নাম সাঙোৰ খাই পৰাসকলৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত লৈছে সদৌ অসম উকীল সন্থাই। ১৯ ছেপ্টেম্বৰৰ হৃদয়বিদাৰক ঘটনাৰ পিছৰে পৰা শ্যামকানু, সিদ্ধাৰ্থ, শেখৰহঁতৰ বিৰুদ্ধে সমগ্ৰ অসম গুজৰি-গুমৰি আছে। ইয়াৰ মাজতে শ্যামকানু, সিদ্ধাৰ্থহঁতৰ হৈ অসমৰ কোনো অধিবক্তাই ওকালতি নকৰাৰ খবৰ পোহৰলৈ আহিছে। সদৌ অসম উকীল সন্থাই গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

জানিব পৰা মতে, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত দোষী পক্ষৰ হৈ কোনো অধিবক্তাই ওকালতি নকৰাৰ সিদ্ধান্ত লৈছে । অসমৰ সকলো অধিবক্তাক সন্থাই সেইসকলৰ হৈ ওকালতি নকৰিবলৈ আহ্বান জনাইছে । সন্থাৰ সভাপতি শৈলেন দাস, সাধাৰণ সম্পাদক দীপক দাস আৰু উপ-সভাপতি বিজন মহাজন স্বাক্ষৰিত এই আহ্বানমূলক এখনি আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰা হ’ব সকলো জিলালৈ। উল্লেখ্য যে বহুকেইজন অধিবক্তাৰ সৈতে অগ্ৰিম জামিনক লৈ কথা পাতিছিল শ্যামকানু মহন্তই।

You might also like