নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কাজিৰঙাৰ ৰজা’ৰ নৰহত্যাকাৰী ‘দুলুমণি’ক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ অৱশেষত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিলে নৰহত্যাকাৰী ‘দুলুমণি’ক৷ ৯ মহীয়া কণমানি সন্তানসহ দুলুমণিক গ্রেপ্তাৰ কৰি আৰক্ষীয়ে চমজাই দিলে কাজিৰঙাৰ বন বিভাগক৷ কিন্তু কোন এই দুলুমণি?

বোকাখাত আৰক্ষীয়ে ৯ মহীয়া সন্তানসহ গ্রেপ্তাৰ কৰা নৰহত্যাকাৰী দুলুমণি হ’ল এজনী হাতী৷ এই হাতীজনী আন কাৰো নহয়৷ এসময়ৰ কাজিৰঙাৰ ৰজা ৰূপে খ্যাত বোকাখাত সমষ্টিৰ দুবাৰৰ প্রাক্তন নির্দলীয় বিধায়ক জিতেন গগৈৰ৷ সেয়া যোৱা ৮ জুলাইৰ ঘটনা৷ বোকাখাতৰ নাহৰজান চাহ বাগিচাৰ সমীপৰ বিজুলী অঞ্চলত জিতেন গগৈৰ জ্ঞানদীপ চাহ বাগিচা এলেকাত প্রাক্তন বিধায়কগৰাকীৰ এই হাতীজনীয়ে বিতু গড নামৰ এটা ১৪ বছৰীয়া কিশোৰক আক্রমণ কৰি হত্যা কৰিছিল৷

ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় বাগিচাৰ শ্রমিক আৰু আটছা কর্মকর্তাই ন্যায় আৰু ক্ষতিপূৰণ বিচাৰি জিতেন গগৈৰ বাগিচাৰ বাসভৱনৰ সন্মুখত পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ পৰিস্থিতি অধিক উত্তপ্ত হোৱাত ঘটনাস্থলীত বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাস, গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত, মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাসহ দণ্ডাধীশ আৰু বোকাখাত আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷

ঘটনাস্থলীতে মহকুমাধিপতিয়ে আৰক্ষীক হাতীজনী ‘আটক’ কৰিবৰ বাবে নির্দেশ দিছিল৷ কিন্তু আদালতৰ অনুমতিৰ বাবে বোকাখাত আৰক্ষীয়ে গোচৰ নং ১৮১/২০২১মর্মে ভাৰতীয় দণ্ডবিধিৰ ৩০৪ (এ) ধাৰাত এটা গোচৰ ৰুজু কৰি নথিপত্র প্রস্তুত কৰি আদালতৰ অনুমতি সাপেক্ষে কালি বিয়লি দুলুমণি নামৰ নৰহত্যাকাৰী হাতীজনীক আটক কৰি বোকাখাত থানালৈ আনে৷

পৰৱর্তী সময়ত আদালতৰ নির্দেশমর্মে হাতীজনীক কাজিৰঙাৰ বন বিভাগৰ জিম্মাত চমজাই দিয়ে বোকাখাত আৰক্ষীয়ে৷ এতিয়া গোচৰ নিষ্পত্তি নোহোৱা পর্যন্ত দুলুমণি নামৰ নৰহত্যাকাৰী হাতীজনী বন বিভাগৰ জিম্মাত থাকিব৷ দুলুমণি নামৰ এই নৰহত্যাকাৰী হাতীজনীয়ে ইয়াৰ পূর্বেও দুজন লোকক হত্যা কৰিছিল৷

বোকাখাত আৰক্ষীয়ে পূর্বৰ দুই ঘটনাৰ লগতে যোৱা ৮ জুলাইৰ ঘটনাত হাতীৰ মাউত আৰু হাতীৰ গৰাকী জিতেন গগৈৰ অসাৱধানতাৰ বাবেই এনে ঘটনা সংঘটিত হৈ আহিছে বুলি মন্তব্য কৰিছে৷ তাৰ বাবে আৰক্ষীয়ে তথ্যপাতি যুগুত কৰাত ব্যস্ত হৈ পৰিছে৷ যাৰ বাবে হাতীৰ গৰাকী তথা বোকাখাত সমষ্টিৰ প্রাক্তন বিধায়ক জিতেন গগৈও গ্রেপ্তাৰ হ’ব পাৰে বুলি বোকাখাত থানাৰ আৰক্ষী বিষয়া প্রদীপ কুমাৰ বৰাই জানিবলৈ দিয়ে৷

You might also like