অসমত কাইলৈ অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা ৰাজ্যজুৰি মুঠ ৩১,৪৯০টা ভোটকেন্দ্ৰত আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।
এই বৃহৎ নিৰ্বাচনী ব্যৱস্থাৰ বাবে মুঠ ১,২৫,৯৬০গৰাকী প’লিং আৰু প্ৰিজাইডিং বিষয়াক নিয়োজিত কৰা হৈছে। ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ ইতিমধ্যে প’লিং আৰু প্ৰিজাইডিং বিষয়াসকলক নিজৰ নিজৰ দায়িত্বপ্ৰাপ্ত ভোটকেন্দ্ৰলৈ পঠোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে।
আজি প’লিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ অধিকাংশই নিজৰ নিজৰ ভোটকেন্দ্ৰলৈ ৰাওনা হ’ব। আনহাতে, দুৰ্গম আৰু যোগাযোগ ব্যৱস্থা দুৰ্বল অঞ্চলসমূহৰ ভোটকেন্দ্ৰলৈ বিষয়াসকল কালি আগতীয়াকৈ ৰাওনা হৈছে যাতে সময়মতে ভোটগ্ৰহণ আৰম্ভ কৰিব পৰা যায়।
ইফালে নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিটো জিলাত আৰক্ষী আৰু প্ৰশাসন সম্পূৰ্ণ সতৰ্ক হৈ আছে। সংবেদনশীল আৰু অতি সংবেদনশীল ভোটকেন্দ্ৰসমূহত বিশেষ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
প্ৰশাসনে ভোটাৰসকলক নিৰ্ভয়ে আৰু শান্তিপূৰ্ণভাৱে ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে।
ডিজিটেল ডেস্ক, ৮ এপ্ৰিল