নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেঁহুজালিলৈ শ্রেষ্ঠ চুটি তথ্যচিত্রৰ সন্মান

অসমৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ দ্বাৰা প্রযোজিত আৰু পাৰ্থসাৰথি মহন্তৰ দ্বাৰা পৰিচালিত ছবি
৩২৯খন কথাছবিৰ ভিতৰত চুটি তথ্যচিত্র শাখাত শ্রেষ্ঠত্ব লাভ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জানুৱাৰীঃ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱ-২০২৪ত প্রদর্শিত হ’বলগীয়া কথাছবিৰ মাজৰ বিভিন্ন শাখাত পুৰস্কাৰ লাভ কৰা কথাছবিবোৰৰ নাম ঘোষণা কৰা হৈছে। অসমৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ দ্বাৰা প্রযোজিত আৰু পাৰ্থসাৰথি মহন্তৰ দ্বাৰা পৰিচালিত ছবি ‘ফেঁহুজালিয়ে শ্রেষ্ঠ চুটি তথ্য চিত্র (Best short documentary film)ৰ সন্মান লাভ কৰিছে। ৮২খন দেশৰ ২,৯৭১খন কথাছবিৰ মজৰ পৰা এই মহোৎসৱত প্রদর্শিত হ’বলগীয়া ৩২৯খন কথাছবিৰ ভিতৰত চুটি তথ্যচিত্র শাখাত শ্রেষ্ঠত্ব লাভ কৰা ‘ফেঁহুজালি’ৰ ইংৰাজী তর্জমা (subtitles) জভিয়েল কলিতাৰ। সন্ত্রাসবাদী সংগঠনত প্রলোভিত হৈ যোগদান কৰা ক্ষোভিত, বঞ্চিত যুৱকসকলৰ স্বাধীন অসমৰ ধাৰণা যে অলীক, তাৰ উপলব্ধিৰ বাস্তৱ চিত্র এই কথাছবিখনত দাঙি ধৰা হৈছে। বিদেশী শক্তিৰ হাতৰ পুতলালৈ ৰূপান্তৰ হোৱা এনে সন্ত্রাসবাদী সংগঠনৰ দেশপ্ৰেমৰ ভুৱা অভিনয়ত ভোল নোযোৱাৰ এক বার্তা এই ছবিখনে প্রদর্শিত কৰিছে।

You might also like