নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতত আতচবাজী-পুষ্পবৃষ্টিৰে আদৰণি অতুল বৰাক

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন পত্ৰ দাখিলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি গুৱাহাটীৰ পৰা নিশা বোকাখাতত উপস্থিত হোৱাৰ লগে লগে অসম গণ পৰিষদৰ সভাপতি তথা স্থানীয় বিধায়ক অতুল বৰাক দলীয় কৰ্মীসকলে এক উষ্ম আদৰণি জনায়। নিশাৰ আকাশত আতচবাজি আৰু পুষ্পবৃষ্টিৰে মুখৰিত এক উৎসৱমুখৰ পৰিৱেশৰ মাজত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত আগন্তুক নিৰ্বাচন আৰু সমষ্টিৰ সামগ্ৰিক উন্নয়ন সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

যোৱা দহটা বছৰত বিধায়ক আৰু মন্ত্ৰী হিচাপে সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে বোকাখাতবাসীৰ ওচৰত গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি বৰাই কয়, “২০১৬ আৰু ২০২১ চনত বোকাখাতৰ ৰাইজে মোক নিৰ্বাচন কৰি বিধানসভালৈ পঠিয়াইছিল। ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবেই যোৱা ১০ বছৰত মই সমষ্টিটোৰ লগতে অসমবাসীৰ সেৱা কৰিবলৈ সক্ষম হৈছোঁ। বোকাখাতক ৰাজ্যখনৰ ভিতৰত এখন আগবঢ়া সমষ্টি হিচাপে গঢ়ি তুলিবলৈ মই সৰ্বতোপ্ৰকাৰ চেষ্টা চলাইছোঁ আৰু এই ক্ষেত্ৰত সকলো স্তৰৰ লোকে দল-মত নিৰ্বিশেষে সহযোগিতা আগবঢ়াইছে।”

​২০১৬ চনৰ পৰা আৰম্ভ হোৱা উন্নয়নৰ যাত্ৰা ২০২১-২৬ বৰ্ষত মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত অধিক ত্বৰান্বিত হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে আন কোনো দলে কল্পনা কৰিব নোৱাৰা বহু অভিলাষী আঁচনি বৰ্তমান ৰূপায়িত হৈছে। বিশেষকৈ নুমলীগড়ৰ পৰা গহপুৰলৈ ৰেলপথ সংযোগী সুৰংগ নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব বুলি তেওঁ সদৰী কৰে। ইয়াৰ উপৰি এলিভেটেড কৰিড’ৰ, চাৰিলেন যুক্ত পথ নিৰ্মাণ, আন্তঃৰাষ্ট্ৰীয় মানৰ অৰ্কিড পাৰ্ক, হিষ্টৰিকেল মিউজিয়াম, পেট হস্পিটাল আৰু চাহ বাগিচা অঞ্চলৰ পথ-ঘাটৰ উন্নয়নৰ জৰিয়তে সমষ্টিটোৰ ৰূপ সলনি হোৱা বুলি তেওঁ দাবী কৰে।

​আনহাতে বিৰোধী ঐক্যক তীব্ৰ সমালোচনা কৰি বৰাই কয় যে এই মিত্ৰজোঁটত থকা দলসমূহ কংগ্ৰেছৰ দ্বাৰা সৃষ্ট, গতিকে তেওঁলোকৰ মাজত আচলতে কোনো মিত্ৰতা বা নীতি নাই। কংগ্ৰেছৰ দিনৰ অপশাসনৰ কথা ৰাইজে এতিয়াও পাহৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে এইবাৰ নিৰ্বাচনত বোকাখাতত বিৰোধীৰ অস্তিত্ব একেবাৰে নোহোৱা হৈ পৰিব।

​”বিকশিত বোকাখাত মোৰ একমাত্ৰ লক্ষ্য,” বুলি মন্তব্য কৰি তেওঁ কয় যে আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰাৰ বাবে তেওঁ পুনৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছে। এইবাৰ অগপই পূৰ্বতকৈ অধিক আসন লাভ কৰাৰ লগতে অসমত তৃতীয়বাৰৰ বাবে এন ডি এ  চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত দৃঢ়তাৰে মন্তব্য কৰে অগপৰ সভাপতি অতুল বৰাই।

নিয়মীয়া বাৰ্তা, মহুৰামুখ, ২১ মাৰ্চ

You might also like