নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰকাশীৰ সুৰংগত আবদ্ধ শ্ৰমিকক নিৰাপদে উদ্ধাৰ

বিশেষ বাৰ্তা, ২৮ নৱেম্বৰঃ অৱশেষত শ্বাসৰুদ্ধকৰ অভিযানৰ অন্ত পৰিছে। সুৰংগত আবদ্ধ শ্ৰমিকসকলক বাহিৰলৈ উলিয়াই অনা হৈছে। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা ৪১জন শ্ৰমিক ওলাই আহিছে। ১৭ দিন সুৰংগটোৰ আন্ধাৰত আবদ্ধ হৈ থকা শ্ৰমিকসকলক আজি বাহিৰলৈ উলিয়াই অনা হয়। শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ উলম্ব, অনুভূমিক আৰু কাষৰ পৰা ড্ৰিলিং কৰা হৈছিল। কিন্তু শেষত নিগনিৰ গাঁত খনন বিশেষজ্ঞৰ সহায় লৈ সুৰংগটো খান্দি ধ্বংসাৱশেষ আঁতৰাই পেলোৱা হয় আৰু তেওঁলোকে হাতেৰে ধ্বংসাৱশেষ আঁতৰাই শ্ৰমিকসকলক উলিয়াই আনে। উত্তৰকাশী জিলাৰ এই সুৰংগ দুৰ্ঘটনাত আৱদ্ধ হৈ থকা অধিকাংশ শ্ৰমিকেই আছিল ঝাৰখণ্ডৰ বাসিন্দা। ৪১জন শ্ৰমিকৰ ভিতৰত ১৫জন ঝাৰখণ্ডৰ, আনহাতে ৭জন উত্তৰ প্ৰদেশৰ, ৫জন বিহাৰৰ, ৫জন ওড়িশাৰ, ৩জন পশ্চিমবংগৰ, ৩জন উত্তৰাখণ্ডৰ, ২জন অসমৰ আৰু এজন হিমাচল প্ৰদেশৰ। শ্ৰমিকসকল ওলাই অহাৰ সময়ত তেওঁলোকৰ আত্মীয়সকলে কাপোৰ-কানি বেগ লৈ সম্পূৰ্ণ সাজু হৈ আছিল। মজদুৰকেইজনক উদ্ধাৰ কৰি উত্তৰাখণ্ডৰ চিন্যালিছৌৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে, য’ত তেওঁলোকক পৰীক্ষা কৰা হ’ব। ইফালে শ্ৰমিক ওলাই অহাৰ খবৰ পোৱাৰ লগে লগে উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰৰ এজন শ্ৰমিকৰ মাতৃয়ে ৰাতিপুৱাৰে পৰা একো খোৱা-বোৱা নোখোৱাকৈ অবিৰতভাৱে প্ৰাৰ্থনা কৰি আছিল। পিছত আনন্দতে কান্দিলে। যোৱা ১৭ দিন ধৰি মাকে প্ৰতিদিনে মন্দিৰলৈ গৈ দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰি আহিছে, যাতে পুত্ৰই নিৰাপদে বাহিৰলৈ ওলাই যাব পাৰে। ইফালে সুৰংগত বন্দী শ্ৰমিকসকলৰ নাম পোহৰলৈ আহিছে। তেওঁলোক ক্ৰমে ঝাৰখণ্ডৰ বিশ্বজীত কুমাৰ, সুবোধ কুমাৰ, অনিল বেদিয়া, শ্ৰজেন্দ্ৰ বেদিয়া, সুক্ৰম, টিকু চৰ্দাৰ, গুণোধৰ, ৰঞ্জিত, ৰবীন্দ্ৰ, সমীৰ, মহাদেৱ, মুদতু মুৰম, চামৰা উৰাও, বিজয় হৰি, গণপতি, অখিলেশ কুমাৰ; উত্তৰপ্ৰদেশৰ অংকিত, ৰাম মিলন, সত্যদেৱ, সন্তোষ, জয় প্ৰকাশ, মনজীত, ধীৰেন; ওড়িশাৰ বিষেশ নায়ক, ৰাজু নায়ক, সপন মণ্ডল, ভগৱান বাতৰা; বিহাৰৰ দীপক কুমাৰ, ছাবাহ আহমেদ, সোনু শ্বাহ, বীৰেন্দ্ৰ কিস্কু, সুশীল কুমাৰ, ৰাম সুন্দৰ; উত্তৰাখণ্ডৰ পুষ্কৰ, গব্বৰ সিং নেগী; পশ্চিমবংগৰ মণিৰ তালুকদাৰ, চেভিক পাখেৰা, জয়দেৱ পাৰমানিক; অসমৰ সঞ্জয়, ৰাম প্ৰসাদ আৰু হিমাচলপ্ৰদেশৰ বিশাল। উদ্ধৰাভিযানৰ সময়ত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী যোৱা কেইদিনমানৰ পৰা ঘটনাস্থলীত উপস্থিত আছিল। শ্ৰমিকৰ পৰিয়ালৰ সৈতেও কথা পাতিছিল তেওঁ। শ্ৰমিকসকলৰ সৈতেও তেওঁৰ অহৰহ যোগাযোগত আছিল। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰাক্তন উপদেষ্টা তথা উত্তৰাখণ্ড চৰকাৰৰ বিশেষ কৰ্তব্যৰত বিষয়া ভাস্কৰ খুলবে, উদ্ধাৰ অভিযানত সহায় কৰিবলৈ উত্তৰাখণ্ড চৰকাৰে নিযুক্ত কৰা ন’ডেল বিষয়া নীৰজ খাৰৱাল, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উপ-সচিব মংগেশ ঘিলদিয়াল ইত্যাদি সুৰংগ দুৰ্ঘটনাস্থলীত জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল। মুখ্যমন্ত্ৰী ধামীয়ে সুৰংগটোৰ প্ৰৱেশদ্বাৰত অৱস্থিত বাবা বৌখনাগৰ মন্দিৰতো প্ৰাৰ্থনা জনাইছিল আৰু সকলো শ্ৰমিক নিৰাপদে ওলাই অহাৰ কামনা কৰিছিল।

#বাৰ্তা ডেস্ক

You might also like