নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘দালালৰ পৰা আঁতৰি থাকক’ বিষয়া–কর্মচাৰীক কঠোৰ সকীয়নি মুখ্যমন্ত্রীৰ

৭০০ মাটিৰ দালালৰ তালিকা প্রস্তুত অসম আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ দালালৰাজ বন্ধৰ বাবে চৰকাৰী বিষয়া–কর্মচাৰীসক কঠোৰ সকীয়নি দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাজ্যখনত মাটিৰ দালালিত জড়িতসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই এটা দিনৰ ভিতৰতে বৃহৎসংখ্যক দালালক জালত পেলাবলৈ সক্ষম হোৱাৰ পিছতেই মঙলবাৰে দিছপুৰত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কালি ওৰেনিশা অভিযান চলাই আজি পুৱাপর্যন্ত আৰক্ষীয়ে ৪৫০ৰো অধিক দালালক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ এনেধৰণৰ দালালিত জড়িত ৭০০ ব্যক্তিৰ তালিকাত নাম আছে৷ আজি সন্ধিয়াৰ ভিতৰত আটাইখিনিকেই গ্রেপ্তাৰৰ চেষ্টা কৰা হ’ব৷ ভালকৈ খান্দিলে আৰু অধিক লোক ইয়াত জড়িত হৈ পৰিব৷ দালালসকলৰ বিৰুদ্ধে এইটো এটা মাত্র সকীয়নিহে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই চৰকাৰী বিষয়া–কর্মচাৰীসক তেনেধৰণৰ দালালৰ সৈতে যোগাযোগ, সম্পর্ক নাৰাখিবলৈ আহ্বান জনায়৷

দুখীয়া মানুহৰ কাম কৰাৰ ক্ষেত্রত মধ্যভোগীৰ সৈতে কোনোধৰণৰ কথা–বতৰা নাপাতিবলৈ সকীয়নি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান অসমত মৃত্যুৰ প্রমাণ–পত্র এখন উলিওৱাৰ ক্ষেত্রতো মানুহে টকা দিবলগীয়া হৈছে৷ ক’ভিডত মৃত্যু হোৱা লোকৰ মৃত্যুৰ প্রমাণ–পত্র উলিয়াওঁতেও টকা দিব লগা হয়৷ এই সকলো বিষয় তেওঁৰ নজৰত থকাৰ উল্লেখ কৰি কয় যে অসমত এনেধৰণৰ দালালৰাজ শেষ হ’ব লাগিব৷ নহ’লে অসম কেতিয়াও দেশৰ ভিতৰত শ্রেষ্ঠ ৰাজ্য হ’ব নোৱাৰে৷ মধ্যভোগীক কার্যালয়ত স্থান নিদিবলৈ আহ্বান জনাই তেওঁ কয় যে জিলা উপায়ুক্ত সন্মিলনতো তেওঁ এই বিষয়ে কৈছিল৷

জ্যেষ্ঠ বিষয়াৰ পৰা চতুর্থ শ্রেণীৰ কর্মচাৰীলৈকে সকলোকে দালালৰাজ বন্ধ কৰাৰ ক্ষেত্রত চৰকাৰক সহযোগিতা কৰিবলৈ আহ্বান জনায়৷ জনসাধাৰণকো দালালৰ কবলত নপৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে লাগিলে কামটো দুদিন পলমকৈয়েই হওক, তথাপি ৰাইজে যেন দালালক টকা–পইচা নিদিয়ে৷ নহ’লে অসম কেতিয়াও দেশৰ শ্রেষ্ঠ ৰাজ্য হ’ব নোৱাৰিব৷ চক্র বিষয়াৰ কার্যালয়ত মাটিৰ দালাল উৎখাত হোৱাৰ লগতে থানা, পৰিবহণ বিষয়াৰ কার্যালয়, উপায়ুক্তৰ কার্যালয়লৈকে সকলোকে দালালৰাজ বন্ধ হ’ব লাগিব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই কঠোৰ সকীয়নি দিয়ে৷

You might also like