নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই দালালক থানাৰ পৰা মোকলাই আনি পিন্ধালে মালা

আলগাপুৰত বিধায়ক নিজামুদ্দিনৰ কাণ্ড

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ সমগ্র ৰাজ্যৰ লগতে হাইলাকান্দি জিলাতো মঙলবাৰে মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ১২জনকৈ দালালক গ্রেপ্তাৰ কৰে৷ আৰক্ষীৰ এই অভিযানক জনসাধাৰণে প্রশংসা কৰাৰ সময়তে জিলাখনৰ আলগাপুৰ সমষ্টিৰ এআইইউডিএফৰ বিধায়ক নিজামুদ্দিন খানে থানাৰ পৰা দুজন দালালক মোকলাই আনি মালা পিন্ধাই চহৰৰ মাজেৰে শোভাযাত্রা কৰোৱা ঘটনাই তীব্র আলোড়নৰ সৃষ্টি কৰিছে৷

উল্লেখ্য যে মাটিৰ দালালিত জড়িত দুজন লোকক আৰক্ষীয়ে আটক কৰাৰ পিছতেই মঙলবাৰে দিনৰ ভাগত বিধায়ক খান আলগাপুৰ থানাত উপস্থিত হয়৷ থানাত উপস্থিত হৈ বিধায়কগৰাকীয়ে দালাল দুজনক মোকলাই আনে৷ অকল মোকলাই অনাই নহয়, বিধায়ক খানে দালাল দুজনক ফুলৰ মালা পিন্ধাই আলগাপুৰ চহৰৰ মাজেৰে খোজকাঢ়ি সমদল কৰি ঘৰলৈ লৈ আহে৷ আনকি সেই সময়ত বিধায়কগৰাকীৰ একাংশ সমর্থকে ৰাজপথত ফটকা ফুটাই আনন্দ উল্লাসো কৰে৷

You might also like