নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত ২২খন বিহু সমিতিক ৩৩ লাখ টকাৰ চেক বিতৰণ

বিশেষ বাৰ্তা, ৬ এপ্ৰিলঃ লখিমপুৰৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত আজি জিলা খনৰ ২২খন বিহু সমিতিক ১ লাখ ৫০ হেজাৰকৈ মুঠ ৩৩ লাখ টকাৰ চেক বিতৰণ কৰা হয়। জিলা খনৰ ২০ বছৰৰ পুৰণি আৰু ৭ বহাগৰ ভিতৰত বিহু অনুষ্ঠিত কৰা ২২খন বিহু সমিতিক ৰাজ্য চৰকাৰৰ ঘোষিত এই পৰিমাণৰ এককালীন অৰ্থ সাহায্যৰ চেক বিতৰণ কৰা হয়। জিলা উপায়ুক্ত সুমিত চত্তাৱানে আঁত ধৰা অনুষ্ঠানটোত চেকসমূহ বিতৰণ কৰে স্থানীয় বিধায়ক মানৱ ডেকাই। চেক বিতৰণ কৰি বিধায়ক ডেকাই বিহু সমিতিসমূহক বিহুক সাংস্কৃতিক অনুষ্ঠান নকৰি পৰম্পৰাগত জাতীয় মৌলিক সংস্কৃতি বিহু ৰূপে পালন কৰাৰ লগতে নৱ প্ৰজন্মক আকৰ্ষিত কৰিব লৈ বিহু সমিতিসমূহক আহ্বান জনায়।
প্ৰেৰক জীৱন গোস্বামী

You might also like