নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বদৰুদ্দিন আজমলৰ জৰা–ফুঁকা পানী খাইহে বাচি আছে কংগ্রেছঃ অতুল বৰা

উজনি–নামনিৰ পিছত বৰাকত অগপৰ জাতীয় ঐক্য সমাৰোহ

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ  ব্রহ্মপুত্র উপত্যকাৰ প্রান্তে প্রান্তে অসম গণ পৰিষদে বিশাল দলীয় কর্মীসভা তথা জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰি এক প্রবল জনজাগৰণ সৃষ্টি কৰাৰ সময়তে এইবাৰ বৰাক উপত্যকাতো দলটোৱে বজালে ৰণদুন্দুভি৷ কার্যতঃ আজি বৰাকৰ আকাশে–বতাহে হাজাৰ হাজাৰ ধর্মীয় সংখ্যলঘু লোকৰ কণ্ঠতো সমস্বৰে প্রতিধ্বনিত হ’ল কেৱল অগপ জিন্দাবাদ, অগপ জিন্দাবাদ শ্লোগান৷ দলটোৰ একালৰ দুর্গ তথা প্রয়াত অগপ মন্ত্রী ছহিদুল আলম চৌধুৰীৰ কর্মক্ষেত্র আলগাপুৰত হাজাৰ হাজাৰ দলীয় কর্মী–শুভাকাংক্ষী তথা সাধাৰণ শ্রেণীৰ ৰাইজৰ উপস্থিতিয়ে আজি একপ্রকাৰ জনসমুদ্র সৃষ্টি কৰে দলৰ জাতীয় ঐক্য সমাৰোহত৷ প্রখৰ ৰ’দকো নেওচি হাজাৰ হাজাৰ জনতাই অসম গণ পৰিষদ জিন্দাবাদ ধ্বনিৰে মুখৰিত কৰি তোলে সমাৰোহস্থলী৷ চৌদিশে উৰিল কেৱল অগপৰ ৰঙীন পতাকা৷ দলীয় কর্মী বিশেষকৈ কেইবাসহস্র ধর্মীয় সংখ্যালঘু লোকে জাউৰি জাউৰি দিয়া অসম গণ পৰিষদ জিন্দাবাদ ধ্বনিৰ মাজতেই দলটোৰ সভাপতি তথা মন্ত্রী অতুল বৰাই উদাত্ত ভাষণেৰে কংগ্রেছ আৰু এ আই ইউ ডি এফক সমালোচনাৰে থকা–সৰকা কৰে৷ কংগ্রেছৰ গাত ক’ৰোনা মহামাৰীতকৈও ভয়াৱহ ভাইৰাছ লম্ভিছে বুলি টিপ্পনী কৰি সভাপতি অতুল বৰাই বিশাল জনসমুদ্রক উদ্দেশ্যি কয়– আজমলৰ জৰা–ফুঁকা পানী খাইহে কংগ্রেছ দল বাচি আছে৷ কিন্তু এইবাৰ এই জৰা–ফুঁকা সম্ভৱ নহ’ব৷ আজমলৰ জৰা–ফুঁকাত কংগ্রেছ বাচিব নোৱাৰে৷ এ আই ইউ ডি এফৰ ঔৰসত জন্ম হোৱা তথাকথিত নতুন ৰাজনৈতিক দলে অগপক সমালোচনাৰ লক্ষ্য কৰি লৈছে৷ আজমলৰ চান্দাৰে জন্ম হোৱা এনে দলে অৱশ্যে ৰাজনৈতিক পথাৰত বিশেষ আগুৱাব পৰা নাই৷ স্বাধীনতাৰ পাছত সৰহভাগ সময় দেশ তথা ৰাজ্য শাসন কৰা কংগ্রেছে বিশেষকৈ ধর্মীয় সংখ্যালঘু লোকক ‘ভোট কা মামলা’ বা ‘ভোটবেংক’ কৰি ৰাখিলে বুলি ক্ষোভ প্রকাশ কৰি সভাপতি বৰাই লগতে কয় যে সেই একেই কাম যোৱা বছৰবোৰত এ আই ইউ ডি এফ দলেও কৰি আহিছে৷ দুয়োটো দলৰ আদর্শ, চৰিত্র, কর্মপন্থা একেই৷ আগতে দুয়োটা দলে ‘চুপকে চুপকে’ প্রেম কৰিছিল আৰু বিটিচি নির্বাচনৰ পৰা ‘খুল্লাম খুল্লা’কৈ প্রেম কৰিবলৈ আৰম্ভ কৰিছে৷ পিছে বিটিচিবাসীয়ে দুয়োটাকে বিগ জিৰো উপহাৰ দিলে৷

কংগ্রেছ আৰু আজমলৰ এ আই ইউ ডি এফ দলে ৰাজ্যৰ ধর্মীয় সংখ্যালঘু লোকক একেবাৰে তৃতীয় শ্রেণীৰ নাগৰিক কৰি পেলালে বুলি দাবী কৰি সভাপতি বৰাই কয় যে ইয়াৰ পৰা ধর্মীয় সংখ্যালঘু ৰাইজ উদ্ধাৰ হোৱাৰ একমাত্র উপায় হৈছে সম্পূর্ণ ধর্মনিৰপেক্ষ দল অসম গণ পৰিষদৰ পতাকাৰ তলত ঐক্যবদ্ধভাৱে সমৱেত হোৱা৷ অসম গণ পৰিষদে আন জাতি–জনগোষ্ঠীৰ উপৰি বৰাকৰ ধর্মীয় সংখ্যালঘু শ্রেণীৰ লোককো দলটোৰ মজিয়াত সমমর্যাদা, সম–ধিকাৰ, সমবিশ্বাস, সন্মান আৰু সমশ্রদ্ধা দিব৷ সেয়েহে অসম গণ পৰিষদৰ এই নতুন যাত্রাৰ সমভাগী আলগাপুৰবাসীও হ’ব লাগিব৷ কিয়নো সমষ্টিটোৰ সকলো শ্রেণীৰ ৰাইজে আজি ক’বলৈ বাধ্য হৈছে যে বিগত চাৰে চাৰি বছৰত কেৱল ইয়াৰ এ আই ইউ ডি এফৰ বিধায়কজনৰহে উন্নতি হৈছে, একমাত্র তেওঁৰহে আর্থিক উন্নতি হৈছে৷ সেয়েহে সমষ্টিটোৰ ৰাইজে এইবাৰ নির্বাচনত পৰিৱর্তনৰ পথ ল’বই লাগিব৷ সভাপতি বৰাই পুনৰ কয়– আজমল বা কংগ্রেছ কেতিয়াও ধর্মীয় সংখ্যালঘু জনতাৰ ‘আব্বা আৰু আম্মা’ হ’ব নোৱাৰে৷ একদৰে আজমলৰ পাল্লাত পৰি কংগ্রেছ যে একেবাৰে নিঃশেষ হৈ যাব, সেই কথাটোও এতিয়া কংগ্রেছৰ সৰু–বৰ সকলো শ্রেণীৰ নেতাই বুজি পাই এ আই ইউ ডি এফৰ পৰা লাহেকৈ আঁতৰি যাব খুজিছে৷ কিন্তু নির্বাচনী বতৰত নিজৰ প্রেমিকাই এনেকৈ এৰি যাব খোজাত এতিয়া বদৰুদ্দিন আজমলৰ বৰ দুখ৷ সেয়েহে কংগ্রেছক অভিমান কৰি আজমলে বাংলাদেশৰ মমতাজৰ গীতটো অনবৰত গাই থাকে– ফাইট্টা যায়, আমাৰ বুকটা ফাইট্টা যায়৷ কিন্তু দুখ–বেজাৰত আজমলৰ বুকু ফাটি গ’লেও এইবাৰ দুয়োটা দল চৰমভাৱে ধৰাশায়ী হ’ব৷ বিজেপিৰ নেতৃত্বত অসম গণ পৰিষদ দলৰ মিত্রজেজাটৰ চৰকাৰ দিছপুৰত আকৌ এইবাৰ হ’বই৷ যদি ব্রহ্মপুত্র উপত্যকাৰ দৰে বৰাকৰো উন্নতি বিচাৰে, তেন্তে আলগাৰপুৰৰ বিশেষকৈ ধর্মীয় সংখ্যালঘু শ্রেণীৰ ৰাইজ অগপৰ মজিয়ালৈ আহক৷ ইয়াত কংগ্রেছ– এ আই ইউ ডি এফ শক্তিশালী হোৱা মানে আকৌ বৰাক বা আলগাপুৰ সমষ্টিটো বহু পিছুৱাই যোৱা৷ কাৰণ এই দুই দল শক্তিশালী হ’লে শিয়ালৰ ডিঙিত মঙহৰ ভাৰ আঁৰি দিয়াৰ নিচিনা হ’ব৷ গতিকে আলগাপুৰবাসীয়ে কংগ্রেছ, এ আই ইউ ডি এফক খেদিম বুলি আজিৰ পৰা প্রতিজ্ঞাবদ্ধ হওক, সংকল্প লওক৷

অগপই ধর্মীয় সংখ্যালঘু ৰাইজকো পূর্বৰ দৰে অনাগত দিনতো সমমর্যাদা দি স্বাভিমান ৰক্ষা কৰিব আৰু অগপৰ মজিয়াত ধর্মীয় সংখ্যালঘু শ্রেণীৰ লোকে প্রথম শ্রেণীৰ নাগৰিকৰ মর্যাদা লাভ কৰিব৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ কার্যকালত পর্বতসম দুর্নীতিৰে ঠিকাদাৰী বিভাগত পৰিণত কৰা কৃষি বিভাগত এতিয়া যুগন্তকাৰী পৰিৱর্তন আহিছে বুলি মন্তব্য কৰি অগপ সভাপতি তথা কৃষিমন্ত্রী অতুল বৰাই লগতে কয় যে কংগ্রেছৰ শাসনত দুর্নীতিয়ে আছিল প্রধান নীতি৷ সেই বাবে এ পি এছ চিকে ধৰি সকলো বিভাগতে অভাৱনীয় দুর্নীতি বিয়পি পৰিছিল৷ যাৰ বাবে বৰাক উপত্যকাতো উন্নয়নৰ গতি স্তব্ধ হৈ পৰিছিল৷ কিন্তু এইখন চৰকাৰৰ দিনত দুর্নীতিক কঠোৰভাৱে নিয়ন্ত্রণ কৰা হৈছে৷ সেই বাবে স্বাধীনতাৰ পাছত কংগ্রেছে বাৰে বাৰে টেঙা আম বেচি আৰু নানা কূট–কৌশলেৰে ৰাইজকো টেঙা আম খুৱাই একাধিকবাৰ ক্ষমতালৈ আহিছিল যদিও এতিয়া আৰু সফল হ’ব নোৱাৰে৷ কংগ্রেছৰ লগ লাগি আজমলেও ৰাইজক টেঙা আম খুৱাই দিছপুৰলৈ আহিব বিচাৰিছে যদিও ৰাইজ এতিয়া সজাগ–সচেতন হ’ল৷ কংগ্রেছ– আজমলৰ টেঙা আম ৰাইজে নাখায় বুলি ইতিমধ্যে সংকল্প লৈছে৷ তাৎপর্যপূর্ণভাৱে সমাৰোহত উপস্থিত অগপৰ হাইলাকান্দি জিলা বিধান পৰিষদৰ সভাপতি আফতাবউদ্দিন লস্কৰক উদ্দেশ্যি সভাপতি বৰাই কয় যে তেওঁৰ উত্থান ৰুধিবলৈ বিৰোধী শক্তিয়ে ৰাজনৈতিক ষডযন্ত্র ৰচিছিল যদিও এই ষডযন্ত্র এতিয়া উফৰি গৈছে৷ আজিৰ সমাৰোহত দলটোৰ নেতা বিমলেন্দু সিংহ, সুনীল ডেকা, ড০ তপন দাস, জিতু বৰগোহাঞি, সুদীপ দে’, অংশুমান দত্ত, গুণমণি ভূঞা, ত্রিনয়ন বৰুৱা, চেলিমুদ্দিন লস্কৰ প্রমুখ্য অন্যান্য নেতা–কর্মী উপস্থিত থাকে৷

You might also like