নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমবাৰলৈ টেষ্ট ৰেংকিঙৰ দলীয় শাখাৰ শীর্ষস্থান দখল কিৱিৰ

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ প্রথমবাৰৰ বাবে আই চি চি টেষ্ট ৰেংকিঙৰ দলীয় শাখাৰ শীর্ষস্থান দখল কৰি বিশ্ব টেষ্ট ক্রিকেটত অভিলেখ ৰচিলে নিউজিলেণ্ডে৷ পাকিস্তানৰ বিপক্ষে সদ্যসমাপ্ত দুখনীয়া ঘৰুৱা টেষ্ট শৃংখলাটো ২–০ৰ ব্যৱধানত দখল কৰি নিউজিলেণ্ডে অষ্ট্রেলিয়াক আঁতৰাই শীর্ষস্থানটো অধিকাৰ কৰিবলৈ সক্ষম হয়৷ ১১৮ ৰেটিং পইণ্টেৰে নিউজিলেণ্ড টেষ্ট ৰেংকিঙৰ শীর্ষস্থানটো দখল কৰে৷ ইপিনে ১১৬ ৰেটিং পইণ্টেৰে অষ্ট্রেলিয়াই দ্বিতীয় স্থানত থকাৰ বিপৰীতে ১১৪ ৰেটিং পইণ্টেৰে টীম ইণ্ডিয়া তৃতীয় স্থানলৈ অৱনমিত হয়৷ ইংলেণ্ডে চতুর্থ আৰু দক্ষিণ আফ্রিকাই পঞ্চম স্থানটো অধিকাৰ কৰিছে৷

উল্লেখ্য যে নিউজিলেণ্ড হ’ল টেষ্ট ক্রিকেটৰ ৰেংকিঙৰ শীর্ষস্থান দখল কৰা বিশ্বৰ সপ্তমখন দেশ৷ ইপিনে পাকিস্তানৰে সদ্যসমাপ্ত টেষ্ট শৃংখলাটোত এটা শতক আৰু এটা দ্বিশতক অর্জন কৰাৰ সুবাদত নিউজিলেণ্ড দলটোৰ অধিনায়ক কেন উইলিয়ামছনে বেটছমেন শাখাৰ শীর্ষ স্থানটো দখল কৰিবলৈ সক্ষম হৈছে৷ ৮৯০ ৰেটিং পইণ্টেৰে নিউজিলেণ্ডৰ অধিনায়কগৰাকীয়ে বেটছমেন শাখাৰ শীর্ষস্থানত উপৱিষ্ট হয়৷ আনহাতে, টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে দ্বিতীয় স্থানটো অক্ষুণ্ণ ৰখাৰ বিপৰীতে অষ্ট্রেলিয়াৰ ষ্টিভেন স্মিথ তৃতীয় স্থানলৈ অৱনমিত হয়৷ ভাৰতীয় দলটোৰ তাৰকা বেটছমেন আজিংক্য ৰাহানে ষষ্ঠ স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে পূজাৰা দশম স্থানলৈ অৱনমিত হৈছে৷

You might also like