নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি নৱদ্বীপ ছাইনীৰ টেষ্ট অভিষেক

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ  দীর্ঘদিনৰ মূৰত আজি পুনৰ খেলপথাৰত নামিব টীম ইণ্ডিয়াৰ তাৰকা ৰোহিত শর্মা৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে ছিডনী ক্রিকেট গ্রাউণ্ডত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া শৃংখলাৰ তৃতীয় টেষ্টৰ বাবে ঘোষিত ভাৰতৰ মূল একাদশত স্থান পাইছে তাৰকা অ’পেনাৰগৰাকীয়ে৷ দুর্বল ফর্মত ভুগি থকা মায়ংক আগৰৱালৰ স্থানত ৰোহিতৰ টেষ্ট দললৈ প্রত্যাৱর্তন ঘটিব৷ মূল একাদশ ঘোষণা কৰি অধিনায়ক আজিংক্য ৰাহানেই আশা প্রকাশ কৰে যে ৰোহিতৰ আগমনে টীম ইণ্ডিয়াৰ বেটিং শক্তি বৃদ্ধি কৰিব৷

ইফালে, আঘাতৰ বাবে দেশলৈ উভতি অহা উমেশ যাদৱৰ স্থানত মূল একাদশত অন্তর্ভুক্ত হৈছে উদীয়মান বেগী বলাৰ নৱদ্বীপ ছাইনী৷ এই মুহূর্তত দেশৰ সবাতোকৈ গতিসম্পন্ন বলাৰ হিচাপে চিহ্ণিত ছাইনীৰ বাবে এয়া হ’ব অভিষেক টেষ্ট মেচ৷

ভাৰতীয় দলটো: আজিংক্য ৰাহানে (অধিনায়ক), ৰোহিত শর্মা (সহঃ অধিনায়ক), শুভমন গিল, শ্বেটেশ্বৰ পূজাৰা, হনুমা বিহাৰী, ঋষভ পণ্ট, ৰবীন্দ্র জাদেজা, ৰবিচন্দ্রন অশ্বিন, যশপ্রীত বুমৰাহ, মহম্মদ চিৰাজ, নৱদ্বীপ ছাইনী৷

You might also like