নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিৱেশ সজাগতাৰ মন্ত্ৰ লৈ বজালী চাইক্লিং কমিউনিটীৰ বাইচাইকেল দিৱস

নিয়মীয়া বাৰ্তা, ৩ জুনঃ আজি সমগ্ৰ বিশ্বত পালন কৰা “বাইচাইকেল দিৱস” বজালীতো বিভিন্ন কাৰ্যক্ৰমণিকাৰে পালন কৰা হয়৷ বিগত কেইবাবছৰৰ দৰে এইবেলিও “বজালী চাইক্লিং কমিউনিটী”য়ে এই বিশেষ দিনটো যথেষ্ট উৎসাহ-উদ্দীপনাৰে উদযাপন কৰে৷  পুৱা প্ৰায় পাঁচ বজাত পাঠশালাস্থিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা উলিওৱা ৰেলীটোত বজালী চাইক্লিং কমিউনিটীৰ সদস্যসকলৰ উপৰিও বজালী অঞ্চলৰ বিভিন্নজনে অংশগ্ৰহণ কৰে। এই ৰেলীৰ শুভৰাম্ভ কৰে বজালী চাইক্লিং কমিউনিটিৰ সভাপতি হেমাংগ তালুকদাৰে৷ চাইক্লিঙৰ সতে জড়িত বিভিন্ন ক্ষেত্ৰত কাম কৰি অহা বজালী চাইক্লিং কমিউনিটীৰ সদস্যসকলে ৰেলীটোৰে বজালীৰ ডুবিস্থিত শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়, জালিখাটা, বামুণকুছি, মৰ্কা, পাটাছাৰকুছিকে আদি কৰি বজালীৰ বিভিন্ন গাওঁত “চাইকেল চলাওক প্ৰদূষণ কমাওক”, “চাইকেল চলাওক ইন্ধন বচাওক”, “চাইকেল চলাওক সুস্বাস্থ্য গঢ়ক”, “চাইকেল চলাওক বৰ্ধিত যান-জঁট কমাওক” আদি শ্লোগানেৰে জনহিতাৰ্থে প্ৰচাৰ চলায়৷ এই ৰেলীত অংশগ্ৰহণ কৰি বজালী চাইক্লিং কমিউনিটী”ৰ সম্পাদক হিমাংশু শৰ্মাই চাইকেল চলাই সুস্বাস্থ্য ধৰি ৰখা, প্ৰদূষণ হ্ৰাস কৰা, ইন্ধন ৰাহি কৰা আৰু ক্ৰমাগতভাৱে বৰ্ধিত যান-জঁট কমোৱাৰ বাবে জনসাধাৰণৰ মাজত কৰি অহা সজাগতামূলক কাৰ্যসূচীসমুহৰ বিষয়ে উল্লেখ কৰি বৰ্তমানৰ যান্ত্ৰিক পৃথিৱীত চাইকেল চালনাৰে কেনেদৰে নিজকে শাৰীৰিকভাবে সুস্থ ৰাখি প্ৰদূষণমুক্ত পৰিবেশ সৃষ্টি কৰিব পাৰি, তাৰ বিষয়ে বৰ্ণনা কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like